নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত ক’ভিড–১৯ৰ সংহাৰৰ এবছৰ সম্পূৰ্ণ

আমেৰিকাত নতুনকৈ এক নিযুত আক্রান্ত; ভাৰতত ভেকচিনৰ তৃতীয় পর্যায়ৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ উৎপত্তিৰ এবছৰ সম্পূর্ণ হ’ল৷ এবছৰ পূর্বে ৰহস্যজনক অসুস্থতাৰ কথা পোহৰলৈ আহিছিল চীনৰ ৱুহানত৷ ইয়াৰ পিছতে ক’ভিড মহামাৰীয়ে বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰিবলৈ ধৰে৷ মাত্র এটা বছৰৰ ভিতৰতে এই মহামাৰীত ১.২৫ নিযুততকৈ অধিক লোকে প্রাণ হেৰুৱাইছে৷

ইফালে, পৃথিৱীজুৰি এই মহামাৰীত আক্রান্ত হৈছে ৫ কোটিতকৈ অধিক লোক৷ যোৱা মার্চ মাহত ছাউথ চাইনা মর্নিং পোষ্টত প্রকাশিত এক নিবন্ধত ২০১৯ৰ ১৭ নৱেম্বৰত ৫৫ বছৰীয়া লোক এজন প্রথম ক’ৰোনাত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ অৱশ্যে বর্ষটোৰ ৮ ডিচেম্বৰতহে চীনৰ চৰকাৰে ক’ভিড–১৯ত প্রথমগৰাকী লোক আক্রান্ত হোৱা বুলি ঘোষণা কৰিছিল৷

লক্ষণীয়ভাৱে ক’ভিড–১৯ মহামাৰী সন্দর্ভত বিভিন্ন তথ্য গোপন কৰাৰ অভিযোগ কৰিছিল আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ শেহতীয়াকৈ তথ্য পোহৰলৈ আহিছে যে ক’ভিড সংকটৰ বাতৰি পৰিৱেশন কৰা সাংবাদিকক বেইজিং প্রশাসনে কাৰাগাৰত নিক্ষেপ কৰিছে৷ যোৱা মে’ মাহৰ পৰা ৱুহানত ক’ভিড–১৯ৰ সংবাদ পৰিৱেশন কৰা ঝাং ঝান নামৰ এগৰাকী মহিলা সাংবাদিকক ৫ বছৰ কাৰাদণ্ড বিহাৰ তথ্য পোহৰলৈ আহিছে৷ ক’ভিড সংকটৰ তথ্য পোহৰলৈ অনা বাবেই অন্য কেইবাগৰাকীও সাংবাদিক দেশখনত নির্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে৷

ইফালে, ক’ভিড মহামাৰীৰ সংক্রমণে পুনৰ আমেৰিকাত সংহাৰী ৰূপ ধাৰণ কৰিছে৷ দেশখনত যোৱা সপ্তাহত নতুনকৈ ১০ লাখ লোক ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি জনছ হপকিনছ বিশ্ববিদ্যালয়ৰ তথ্যত সদৰী কৰিছে৷ মহামাৰীৰ এই সংহাৰী ৰূপ অব্যাহত থকাৰ সময়তে বিভিন্ন দেশে ইয়াৰ প্রতিৰোধী ভেকচিনৰ কেইবাটাও পর্যায়ত পৰীক্ষা চলাই আছে৷

শেহতীয়াকৈ ফাইজাৰ আৰু আমেৰিকান কোম্পানী এটাৰ ভেকচিনৰ তৃতীয় পর্যায়ৰ পৰীক্ষাৰ ৯৫ শতাংশ সফলতাৰ পিছত ভাৰত বায়’টেকে কোভাক্সিনৰ তৃতীয় পর্যায়ৰ ক্লিনিকেল পৰীক্ষা আৰম্ভ কৰিছে৷

You might also like