নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেত্ত্বত ৰূপায়িত হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনমুখী আচঁনিসমুহৰ বিষয়ে জনসাধাৰণৰ মাজত বহুল প্ৰচাৰ, সজাগতা আৰু জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে আজি ঢকুৱাখনা পৌৰসভাৰ অধীনত অনুষ্ঠিত কৰা হয় বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিশেষ সভা ৷ ঢকুৱাখনা পৌৰসভাৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত ঢকুৱাখনা পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা উপ-আয়ুক্ত কাৰ্তিক কলিতাৰ সভাপতিত্বত অনুস্থিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সভাত চহৰাঞ্চলৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা, পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ ঋণ, উজ্জ্বলা যোজনা, সৌভাগ্য যোজনা, ধন-জন যোজনা, মুদ্ৰা লোণ, আয়ুস্মান কাৰ্ড, স্বচ্ছ ভাৰত মিছন , আধাৰ আপডেট, জীৱন জ্যোতি যোজনা, সুৰক্ষা বীমা যোজনা, অটল পেঞ্চন যোজনা, পি এম বিশ্বৰ্কমা আদি আচঁনিৰ বিষয়ে ৰাইজক অৱগত কৰা হয় ৷ তদুপৰি এই আচঁনিসমূহৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজ কেনেদৰে উপকৃত হ’ব পাৰে সেই বিষয়ে ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, উপ-আয়ুক্ত কাৰ্তিক কলিতা, পৌৰপতি ৰাজীৱ দাস, পঞ্জাব নেচনেল বেংকৰ ঢকুৱাখনা শাখাৰ শাখা প্ৰবন্ধক জিতু পেগু, সংহত শিশু উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া অনিৰুদ্ধ বৰা, লখিমপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মিলিজুলি বুঢ়াগোহাঁই, জিলা স্বাস্থ্য বীমা আচঁনি বিষয়া সত্যম কুমাৰ চাহু আদিয়ে আচঁনি আৰু সুবিধাসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷ সভাত ঢকুৱাখনা পৌৰসভা এলেকাৰ তিনি শতাধিক লোকৰ লগতে শাসকীয় দল বিজেপিৰ জিলা আৰু ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি