নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ মেহেক হত্যাকাণ্ডত অভিযুক্ত আজিজক পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ

🔹 বিপাঙত আৰক্ষী ! লাভ কৰা নাই মেহেকৰ আইফোনৰ পাছৱৰ্ড 
🔹 এখন বাছ আৰু বলেৰ’ৰ সন্ধানত অনুসন্ধানকাৰী আৰক্ষীৰ দল
🔹 তিনি মাছমৰীয়াৰ সাক্ষ্য গ্ৰহণ

বিশেষ বাৰ্তা,  ১৯ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড়ৰ মেহেক শৰ্মাৰ হত্যাকাণ্ডত অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাক পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আজি বিয়লি ন্যায়ালয়ত আজিজক হাজিৰ কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে পুনৰ আজিজক ৪ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি জনোৱা আবেদনত ন্যায়ালয়ে সঁহাৰি জনাই আজিজক পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। অৰ্থাৎ আজিজক আৰক্ষীয়ে মুঠ ১১ দিন  নিজৰ জিম্মাত ৰখাৰ পাছত কিবা বিশেষ তথ্য পাবলৈ সক্ষম হব নে নহয়; সেয়া আৰক্ষীয়ে মত প্ৰকাশ কৰাৰ পাছতহে ফাদিল হব বুলি ধাৰণা কৰিব পাৰি। ইফালে, মেহেক শৰ্মাৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিয়ে (বিশেষ অনুসন্ধানকাৰী দল) বিগত ৭ দিনে আজিজক নিজৰ জিম্মাত ৰখাৰ পাছতো বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহল বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ নেতৃত্বত গঠন হোৱা এই বিশেষ তদন্তকাৰী দলত ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু বাহাদুৰ চেত্ৰী, চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপাংকৰ গগৈ, গাভৰুপথাৰ আৰক্ষী চকীৰ এছ আই বিজয় দৈমাৰী, ঘটনাৰ তদন্তকাৰী বিষয়া প্ৰদীপ শইকীয়া, যান-বাহন নিয়ন্ত্রণ শাখাৰ নগৰ পৰিদৰ্শক পাৰ্থ প্ৰতিম দত্তক জড়িত কৰা হৈছে যদিও গঠন হোৱা বিশেষ তদন্তকাৰী দলৰ হাতত পৰা নাই বিশেষ গুৰুত্বপূর্ণ তথ্য। সেয়ে ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ পাছত পুনৰ আজি আৰু ৪ দিনৰ আৰক্ষীৰ জিম্মাত লৈছে আৰক্ষীয়ে মেহেক হত্যাত অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাক। সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, বিগত ৭ দিনত তদন্তত বিশেষ সফলতা লাভ কৰিব পৰা নাই ডিব্ৰুগড় আৰক্ষীয়ে। মেহেক শৰ্মাৰ আইফোনৰ পাছৱৰ্ড জানিবলৈ সক্ষম হোৱা নাই আৰক্ষী। যাৰ বাবে খুলিব পৰা নাই মেহেকৰ ফোনটো। সেয়ে ফৰেনছিকলৈ মেহেকৰ আইফোন পঠিওৱাৰ যো-জা চলাইছে আৰক্ষীয়ে। আনহাতেদি আজিজৰ ম’বাইল ফোন পঠিওৱা হ’ব অসম আৰক্ষীৰ চাইবাৰ ক্ৰাইম বিভাগলৈ। ইফালে, ঘটনা সংঘটিত হোৱা বকুল বাইপাছলৈ গৈ আৰক্ষীয়ে বিগত ৭ দিনত বহুবাৰ বিচাৰিছে ন ন ক্লু। ৰাজপথৰ কিমান মাজত গাড়ী আছিল, গাড়ীৰ কিমান কাষত মৃতদেহটো আছিল, চুঁচৰি যোৱা কিবা চিহ্ন, পথছোৱাত থকা দোকান-পোহাৰ, চিচি টিভিৰ ফুটেজ ইত্যাদি। উক্ত অঞ্চলত ঘৰ সেৰেঙা যদিও মাজে মাজে থকা ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ দুই-এঠাইত সংলগ্ন চি চি টিভিৰ ফুটেজ বিচাৰি ফুৰিছে আৰক্ষীয়ে। দুই-এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সংগ্রহ কৰিছে সিদিনা নিশা তথা পুৱতি নিশাৰ ৰেকৰ্ড হৈ থকা ভিজুৱেল। কিন্তু সেই ভিজুৱেলসমূহতো বিশেষ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ডিব্ৰুগড় আৰক্ষী। ইয়াৰ মাজতে সদৰ থানালৈ মাতি আনি আজিজ আহমেদ ওৰফে মুন্নাৰ পত্নী আৰু মাতৃৰ ভাষ্য ৰেকৰ্ড কৰাৰ লগতে মেহেকৰ বায়েক মুচকান উল্লাহ আৰু মাতৃ মৌচুমী শৰ্মাৰ ভাষ্যও ৰেকৰ্ড কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলে সপ্তাহজোৰা অনুসন্ধানত বিশেষ দুখন বাহনো বিচাৰি চলাথ কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰে এখন বাছ, আৰু আনখন ব’লেৰ’ বুলি সূত্ৰত প্ৰকাশ। কিন্তু বাহন দুখনৰো বিশেষ সন্ধান লাভ কৰা নাই ডিব্ৰুগড়ৰ আৰক্ষীয়ে। আনহাতে, উক্ত গোচৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ১৬৪ ধাৰাত ৩ মাছমৰীয়াৰ সাক্ষ্যও গ্ৰহণ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। উল্লেখযোগ্য যে যোৱা ১০ ছেপ্টেম্বৰত পুৱা ডিব্ৰুগড়ৰ বকুল বাইপাছত পথৰ ওপৰত উদ্ধাৰ হৈছিল মেহেকৰ মৃতদেহ। অভিযোগ অনুসৰি যোৱা ৯ ছেপ্টেম্বৰত আবেলি মেহেকক নিজ গৃহৰ পৰা আজিজে লৈ যোৱাৰ পাছত ওৰে নিশা নিৰ্যাতন আৰু পৰৱৰ্তী সময়ত হত্যা কৰি ৰাজপথৰ ওপৰত পেলাই দুৰ্ঘটনাৰ ৰূপ দিয়াৰ উদ্দেশ্যে নিজেও মৃতদেহৰ কাষত নাটকীয়ভাৱে শুই আছিল আজিজ। পৰৱৰ্তী সময়ত আজিজক আটক কৰি সোধা-পোছা কৰাৰ পাছত ডিব্ৰুগড় আৰক্ষী অধীক্ষকে এয়া এক হত্যাকাণ্ড বুলি নিশ্চিত কৰাৰ লগতে আজিজ আহমেদক গ্ৰেপ্তাৰ কৰিছিল।আনহাতে, ইয়াৰ পাছতেই আজিজে বহু সময়ত মেহেকৰ পৰিয়ালক ব্লেকমেইলিঙেৰে ধনদাবী কৰাকে ধৰি বিভিন্ন কু-কৰ্ম পোহৰলৈ আহিছিল। এতিয়া পুনৰ চাৰি দিনৰ আৰক্ষীৰ জিম্মাত থকাৰ পাছত কি কি নতুন তথ্য পোহৰলৈ আহে আৰু আৰক্ষীয়ে কি ভাবে প্ৰকাশ কৰে,সেয়া লক্ষণীয় হৈ পৰিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like