নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত বেংকৰ পৰা ডকাইতে লুটিলে ৮.৫০ কোটি

বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰ : ছত্তিশগড়ৰ ৰায়গড় চহৰত আজি পুৱাৰ ভাগতে এক শিহৰণকাৰী বেংক ডকাইতি সংঘটিত হয়৷ অস্ত্রধাৰী দুষ্কৃতিকাৰীয়ে নগদ ধন আৰু সোণৰ অলংকাৰসহ মুঠ ৮ কোটি ৫০ লাখ টকা লুট কৰি নিয়ে এক্সিছ বেংকৰ পৰা৷ ৰায়গড়ৰ এই বেংকটো খোলাৰ পিছতে কর্মীসকলক অস্ত্র দেখুৱাই মাত্র কেইমিনিটমানৰ ভিতৰতে বেংকৰ ল’কাৰৰ পৰা সোণ আৰু নগদ ধন লুট কৰি নিয়ে ৭জনীয়া ডকাইতৰ দলে৷ ইতিমধ্যে ঘটনাৰ তদন্তত নামিছে ৰায়গড় আৰক্ষী৷ বেংকৰ প্রৱন্ধকগৰাকীক চোকা অস্ত্রৰে আঘাত কৰি ল’কাৰৰ চাবি কাঢ়ি লয় ডকাইতৰ দলটোৱে৷ ইয়াৰ পিছতে ৭ কোটি নগদ টকা আৰু বৃহৎ পৰিমাণৰ সোণৰ আ–অলংকাৰ লুট কৰি পলায়ন কৰে ডকাইতৰ দলটোৱে৷

You might also like