নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীৰ গৰুবন্ধাৰ ব্যস্ততাময় পথৰ বিধ্বস্ত ৰূপ

শাসকীয় বিজেপিৰ দখলত থকা গৰুবন্ধা পঞ্চায়ত কৰ্তৃপক্ষই বিগত পাঁচ বছৰে নকৰিলে উন্নয়ন

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ গৰুবন্ধা চেণ্টাৰৰ এটা ব্যস্ততাময় পথ বছৰৰ পাছত বছৰ ধৰি বিধ্বস্ত ৰূপ ধাৰণ কৰাৰ পাছত উন্নয়ন নকৰাৰ ফলত ৰাইজ দুৰ্ভোগ ভুগি আহিছে ৷ কংগ্ৰেছৰ শাসনকালত পথটো পকীকৰণ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত যোৱা পাঁচটা বছৰে অতি ব্যস্ততাময় পথটো কোনো ধৰণৰ মেৰামতি তথা উন্নয়ন নকৰিলে৷ শাসকীয় বিজেপি দলে কেন্দ্ৰত তিনিটা কাৰ্যকাল, ৰাজ্যত দুটা কাৰ্যকাল আৰু যোৱা পাঁচ বছৰ পঞ্চায়ত দখল কৰি শাসন কৰিলে৷ শাসনাধিষ্ঠিত চৰকাৰ খনে ৰাজ্যৰ বাট পথকে আদিকৰি সামগ্ৰীক উন্নয়নৰ দৃষ্টান্ত দেখুওৱাৰ সময়ত বৃহত্তৰ মিছামাৰী অঞ্চলৰ কেন্দ্ৰস্থল তথা সকলো সময়তে জনসমাগম আৰু যানবাহন ভিৰ কৰা গৰুবন্ধা চেণ্টাৰৰ দৰ্জী পট্টিৰ পথটো অদ্যাপি মেৰামতি তথা উন্নয়ন নকৰাৰ ফলত বিধ্বস্ত হৈ পৰাৰ ফলত খৰালি আৰু বাৰিষা দুয়োটা কাল ৰাইজে জীয়াতু ভুগি আহিছে৷ পথটোৰ প্ৰায় পাঁচশ মিটাৰ ওখোৰা মুখোৰা, খলাবমাৰ সৃষ্টি হোৱাৰ ফলত পথটোৰ ওপৰেদি যাতায়তি কৰাত খৰালি কালত জীয়াতু ভুগিবলগীয়া হয় ৷ সমান্তৰালকৈ বাৰিষাৰ বতৰত বৰষুণৰ পানী পথটোৰ পৰা ওলাই যাব নোৱাৰি কেইবা ঠাইত পুখুৰী সদৃশ সৃষ্টি হোৱা খালত বোকাপানী জমা হৈ আহিছে ৷ ফলত ৰাইজে কদৰ্য আৰু বোকাময় পানীৰ মাজেদি অহাযোৱা কৰিবলগীয়া হয় ৷ কদৰ্য আৰু বোকাময় পানীৰ ওপৰেদি যানবাহন, ৰাইজ, স্কুল, কলেজলৈ অহাযোৱা কৰা ছাত্ৰছাত্ৰী ৰোগী কঢ়িওৱা বাহন আদি দুৰ্ভোগৰ মাজেদি যাতায়ত কৰিবলগীয়া হৈছে৷ তৎস্বত্বেও কিন্তু জনপ্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি, শাসকীয় দল সংগঠনৰ কৰ্মকৰ্তাবৃন্দ ৰাইজৰ দুৰ্ভোগ, সমস্যাৰ সন্দৰ্ভত দৃষ্টি নিবন্ধ নোহোৱাটো দুৰ্ভাগ্যজনক ৷ বিগত বৰ্ষৰ দৰে এইবাৰো ৰাইজ উক্ত পথটোৰ বোকাময় দুৰ্গন্ধ পানীৰ ওপৰেদি অহাযোৱা কৰিব লাগিব ৷ ইতিমধ্যে হৈ যোৱা বৰষুণৰ পানী পথটোৰ খাল বোৰত জমা হৈ যাতায়তিৰ ক্ষেত্ৰত দুৰ্ভোগৰ সৃষ্টি কৰিছে ৷ বৰষুণৰ বতৰ আৰম্ভ হোৱাৰ লগেলগে পথটোত বিগত বছৰবোৰৰ দৰে এইবাৰো বৰষুণৰ পানী বাহিৰলৈ ওলাই যাব নোৱাৰি পথটোত সৃষ্টি হোৱা খাল বোৰত বোকাপানী জমা হৈ সাগৰ সদৃশ সৃষ্টি হ’ব আৰু যানবাহনকে আদিকৰি সকলোৱে দুৰ্ভোগ ভুগিব লাগিব৷ শাসকীয় দলটোৰ ওপৰত পোটক তুলিবলৈ দুৰ্ভগীয়া ৰাইজৰ এয়াই সোণালী সুযোগ আৰু জৰাজীৰ্ণ পথটোৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰা দল তথা দলটোৰ প্ৰাৰ্থী সকলৰ ওপৰত ব্যৱস্থা লোৱাৰ ৷ গৰুবন্ধা পঞ্চায়তৰ অন্তৰ্গত পাতিদৈ ভেৰেলা গাওঁ ( দৰ্জী পট্টি ) ৰ উক্ত পথটো বিগত পাঁচটা বছৰে কোনো ধৰণৰ মেৰামতি বা উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হোৱা নাই৷ উল্লেখ্য যে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ আমোলত ২০১৮ চনত প্ৰথমবাৰ অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে মিছামাৰীৰ গৰুবন্ধা পঞ্চায়ত খনো বিজেপিৰ দখলত গৈছিল৷ পৰিতাপৰ বিষয় পঞ্চায়তটোৰ নিৰ্বাচিত প্ৰতিনিধি সকলে উল্লেখিত জৰাজীৰ্ণ পথটো ৰাইজ তথা জনসাধাৰণৰ স্বাৰ্থত উন্নয়ন কৰিবলৈ কোনোধৰণৰ মনকাণ নিদিলে ৷ ৰাজ্যখনত অহা ২ মে’ত শোণিতপুৰকে আদিকৰি কেইবাখনো জিলাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে৷ স্থানীয় ৰাইজৰ পৰা লাভকৰা খবৰ মতে যোৱা পাঁচটা বছৰে পঞ্চায়তৰ ক্ষমতাত থকা প্ৰতিনিধিসকল পুনৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে তেওঁলোকক এসেকা দিবলৈ ভুক্তভোগী ভোটাৰ সকলে এইটোৱেই সোণালী সুযোগ বুজি বেলট পেপাৰৰ জৰিয়তে এসেকা দিবলৈ কঁকালত টঙালি বন্ধা বুলি ভিতৰি খবৰ পোৱা গৈছে৷ প্ৰকৃতাৰ্থত যদি সেয়াই হয় তেতিয়া হলে পঞ্চায়ত নিৰ্বাচনৰ ফলাফললৈকে আমি অপেক্ষা কৰিব লাগিব ৷

প্ৰেৰক বগা তপ্ন

You might also like