নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘমাৰা চৰত ভাং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ বৰপেটাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ থানাৰ অন্তৰ্গত বাঘমাৰা চৰত আজি অবৈধ ভাং খেতিৰ বিৰুদ্ধে এক অভিযান চলোৱা হয় ৷ দীৰ্ঘদিনৰ পৰা উল্লেখিত অঞ্চলটোত একাংশ পৰিয়ালৰ চোতালে চোতালে অতি গোপনে ব্যৱসায় ভিত্তিত ভাং গছৰ খেতি কৰি আহিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় সচেতন মহলে। আজি আলোপতি চৰ  থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতত্বত যোৱা  আৰক্ষীৰ এটি দলে বাঘমাৰা চৰত ভাং খেতিৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় শতাধিক ভাং গছ ধ্বংস কৰি জ্বলাই দিয়ে৷ নিষিদ্ধ ভাং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযানক অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
প্ৰেৰক  আব্দুল হক
You might also like