নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্বৰ গৰিমা ঘূৰাই পালে বজালী একাডেমী অৱ এক্সিলেন্সে

অৱশেষত শিক্ষানগৰী পাঠশালাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষানুষ্ঠান “বজালী একাডেমী অৱ এক্সিলেন্সে” ঘূৰাই পালে শিক্ষানুষ্ঠানখনৰ পূৰ্বৰ গৰিমা। ২০২৫ বৰ্ষত ৰাজ্যৰ কেইখনমান শিক্ষানুষ্ঠানে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অংক বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল তথা বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ ভিতৰত নাম সাঙোৰ খাইছিল “বজালী একাডেমী অৱ এক্সিলেন্সৰো”। যাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ অভিজিৎ শৰ্মাক তদন্তৰ আওতালৈ আনিছিল।

কিন্তু অৱশেষত সকলো অভিযোগৰ পৰা মুক্ত কৰা হ’ল “বজালী একাডেমী অৱ এক্সিলেন্স’ক।অসম আৰক্ষী আৰু CIDৰ অনুসন্ধানৰ অন্তত শিক্ষানুষ্ঠানখনে প্ৰশ্নকাকত ভাইৰেল সন্দৰ্ভত জড়িত নথকা বুলি শিক্ষা বিভাগৰ দ্বাৰা জাৰি কৰা ASSEB-11/R&P/BAR/C/25/2306নং জাননীৰ ভিত্তিত “বজালী একাডেমী অৱ এক্সিলেন্সে ২০২৬ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিব পাৰিব বুলি সদৰী কৰে।

নিয়মীয়া বাৰ্তা, পাঠশালা, ১৭ মাৰ্চ

You might also like