নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে বজালী

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ যোৱা তিনিটা বছৰৰ ভিতৰত বিজেপি শাসিত ৰাজ্য চৰকাৰে বজালীক দুবাৰকৈ জিলা ঘোষণা কৰিলে আৰু দুবাৰ জিলা কাটি দিলে৷ বজালীক লৈ বাৰে বাৰে লৰা ধেমালি কৰা এইখন চৰকাৰৰ ৰাজহাড়বিহীন অস্থিৰ সিদ্ধান্তই বেয়াকৈ আঘাত হানিছে বৃহত্তৰ বজালীবাসী ৰাইজৰ আবেগত৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ক্ষোভত ফাটি পৰিছে বজালীৰ সৰ্বস্তৰৰ ৰাইজ৷ দুই-এজন ৰাজনেতাৰ ব্যক্তিগত মুনাফাৰ বাবে বজালীক মন গ’লেই জিলা দিয়া, মন গ’লেই জিলা কৰ্তন কৰা কাৰ্যত অপমানবোধ কৰি আজি ক্ষোভত ফাটি পৰিছে বজালীৰ ৰাইজ৷ বিজেপি চৰকাৰে কাৰ আঙুলিৰ ঠাৰত নাচি কোনো এক সুস্থিৰ সিদ্ধান্ত অবিহনে বজালীক লৈ খেলা কৰিছে তাক লৈ কালি সন্ধিয়াৰে পৰা উত্তাল হৈ পৰিছে পাঠশালাকে ধৰি বৃহত্তৰ বজালী৷ উল্লেখ্য যে ২০১৯ চনত বজালীক সৰ্বানন্দ সোনোৱাল চৰকাৰে জিলা ঘোষণা কৰাৰ পিছতে ২০২০ চনত বজালী জিলাৰ কাম কাজ আৰম্ভ হয়৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ আচিলা লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ২০২২ চনত বজালী জিলা কৰ্তন কৰে যদিও ২০২৩ বৰ্ষত পুনৰ বজালীক জিলালৈ উন্নীত কৰে৷ কিন্তু কালি অকস্মাতে পুনৰ বজালী জিলা কৰ্তন কৰি চৰকাৰে যি ভেকোভাওনাৰ সৃষ্টি কৰিলে তাক লৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে বজালী৷ উল্লেখ্য যে কালি সন্ধিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰা ৰাজ্যখনৰ ৭৯ উপ জিলাত বজালীৰ নাম প্ৰত্যক্ষ কৰি বৃহত্তৰ বজালীৰ ৰাইজে কালি সন্ধিয়াৰ পৰাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী মন্তব্যৰে সামাজিক মাধ্যম ভৰাই পেলোৱাৰ লগতে নিশাৰ ভাগত একাংশ লোকে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ইয়াৰ পিছতে আজ পুৱাৰে পৰা পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণত ইজনৰ পিছত সিজনকৈ কেবাশ ৰাইজে চৰকাৰৰ লৰা ধেমালিত ক্ষোভিত হৈ প্ৰতিবাদ কৰিবলৈ উপস্থিত হয়৷ আজি পুৱাৰে পৰা সমগ্ৰ দিনটো বজালীৰ সৰ্বস্তৰৰ ৰাইজ একগোট হৈ বিভিন্ন প্ৰতিবাদী শ্লেগান আৰু বক্তব্যৰে ৰাজ্য চৰকাৰৰ এই স্থিৰতাবিহীন সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বজালী জিলা সুৰক্ষা মঞ্চ, পাঠশালা বজাৰ কমিটি ,পাঠশালা চেম্বাৰ্চ অৱ কৰ্মাচ, আছু, যুৱছাত্ৰ পৰিষদ, বজালী কংগ্ৰেছ, অসম গণ পৰিষদৰ বজালী জিলা সমিতিকে আদি কৰি বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি চৰকাৰক তীৰ্যক ভাষাৰে সমালোচনা কৰি পাঠশালাৰ আকশ বতাহ কপাই তোলে৷ ইয়াৰ পিছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহ সম্পাদক মৃদুল তালুকদাৰ, জ্যেষ্ঠ নেতা বিজন বায়ন, মন্টু শৰ্ম, আছুৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা সমুদ্ৰ পাটগিৰী, পাঠশালা বজাৰ কমিটিৰ সম্পদ জিতেন তালুকদাৰ, প্ৰাক্তন সম্পাদক গিৰিশ পাটগিৰি আদি কেবাশ ৰাইজে এক প্ৰতিবাদী সমদল উলায়াই পাঠশালা ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে৷ এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ ফলত প্ৰায় ডেৰ দুই ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈ এক অবৰ্ণণীয় পৰিবেশৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে বজালী আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিবলৈ বাধ্য হয়৷ প্ৰতিবাদী ৰাইজে হাইৱে চাৰিআলিত ঘাইপথটো অবৰোধ কৰি বিভিন্ন চৰকাৰ আৰু জনপ্ৰতিনিধিবিৰোধী ধ্বনিৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদস্থলিত প্ৰাক্তন আছু নেতা সমুদ্ৰ পাটগিৰিয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধীতা কৰি এয়া সম্পূৰ্ণৰূপে টোগলকী কাৰ্য বুলি ব্যক্ত কৰি এই কাৰ্যৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাইজক আহ্বান জনায়৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা মৃদুল তালুকদাৰ আৰু বিজন বায়নে ৰাজ্য চৰকাৰৰ অস্থিৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰি অতি সোনকালে বজালীক জিলাৰ মৰ্যাদা প্ৰদান নকৰিলে বজালীত মন্ত্ৰী বিধায়কৰ প্ৰৱেশ নিষিদ্ধ কৰা হব বুলি ভাবুকি দিয়াৰ লগতে বজালীক জিলাৰ পৰা বঞ্চনা কৰাৰ পৰিপ্ৰেক্ষিতত কালিৰ পৰা ধাৰাবাহিকভাৱে তীব্ৰ গণ আন্দোলন কৰা হব বুলি মন্তব্য কৰে অসম চৰকাৰে বজালীক জিলাৰ মৰ্যাদা নিদিয়া পৰ্যন্ত বজালীত আন্দোলন চলিয়েই থাকিব বুলি সমবেত সকলো প্ৰতিবাদী ৰাইজে সহমত প্ৰকাশ কৰি এক অবৰ্ণণীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷ আনহাতে পৰিস্থিতি অধিক অৱনতি ঘটাত যুৱ ছাত্ৰ পৰিষদৰ নেতা মৃদুল তালুকদাৰ ,বিজন বায়ন আৰু কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক কুশল ৰয়ক পাঠশালা আৰক্ষীয়ে আটক কৰি পাঠশালা থানালৈ লৈ যায় যদিও প্ৰতিবাদী ৰাইজৰ ওচৰত সেও মানি পৰৱৰ্তী সময়ত তেওঁলোকক আৰক্ষীয়ে এৰি দিয়ে৷ ইয়াৰ পিছতে প্ৰতিবাদী ৰাইজে পুনৰ পাঠশালা হৰিমন্দিৰ প্ৰাঙ্গণত উপস্থিত হৈ বজালী জিলাৰ বাবে চলিবলগীয়া আন্দোলনৰ ভবিষ্যত কাৰ্যপন্থা গ্ৰহণ সন্দৰ্ভত আলোচনা কৰে৷ আনহাতে বজালী জিলা কৰ্তন সন্দৰ্ভত কালি পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণত দিনৰ ১১ বজাত এখন বিশাল ৰাজহুৱা সভাৰ আহ্বান কৰিছে বজালী জিলা সুৰক্ষা সমিতিয়ে৷ ইপিনে বৃহত্তৰ বজালীবাসী ৰাইজৰ স্বাৰ্থত অসম চৰকাৰে ভৱানীপুৰ সৰভোগ আৰু বজালী সমষ্টিক সাঙুৰি বজালীক পূৰ্ণাংগ জিলাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ বজালীৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে আজি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ বজালী জিলা সমিতিয়ে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰখনত তেওঁলোকে কয় যে যিহেতু ইতিমধ্যে বজালীত জিলা সত্ৰ ন্যায়াধীশ আদালত, মুখ্য ন্যায়াধীশৰ আদালত, আৰক্ষী অধীক্ষকৰ কার্যালয়, বিভিন্ন বিভাগৰ কাৰ্যালয়, জিলা কোষাগাৰ আদি স্থাপন হৈছে, সেয়েহে যাতে চৰকাৰী কাম- কাজৰ লগতে আইনৰ কাম-কাজ আদি স্থবিৰ নহয় তাৰ বাবে অতিশীঘ্ৰে বজালীক ভৱানীপুৰ-সৰভোগ আৰু বজালী সমষ্টিক সাঙুৰি বজালী জিলা প্ৰদান কৰাৰ বাবে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অনুপল দত্ত পাঠক, সাধাৰণ সম্পাদক কমল বৰ্মন, অভিষেক ৰাজ কলিতাৰ নিৰ্দেশমৰ্মে আজি বজালী জিলা সমিতিৰ সভাপতি জিণ্টু কাকতিৰ নেতৃত্বত আৰু কেন্দ্ৰীয় বিত্ত সম্পাদক নয়নমণি পাঠকৰ নেতৃত্বত জিলাৰ কাৰ্যকৰী সভাপতি ৰাজীৱ কলিতা, উপ-সভাপতি কৌশিক চৌধুৰী, সাধাৰণ সম্পাদক প্ৰাণজিৎ দাস, সম্পাদক কাশ্যপ কলিতা, সম্পাদক মৃগাংক কলিতাকে আদি কৰি এটি দহজনীয়া সঁজাতী দলে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰখন প্ৰেৰণ কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like