নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ অগপ নেতা অভয় চন্দ্ৰ দাসৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : অসম আন্দোলনৰ এগৰাকী সক্ৰিয় নেতা, এসময়ৰ সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজৰ এক বলিষ্ঠ কন্ঠ, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, বিশিষ্ট সমাজকৰ্মী, পাঠশালাৰ জ্যোতিনগৰ নিৱাসী অভয় চন্দ্ৰ দাসৰ ( ৬৩) কালি পুৱতি নিশা প্ৰায় ৩.৩০ বজাত পাঠশালাত পৰলোকপ্ৰাপ্তি ঘটে৷ ১৯৬০ চনত বজালীৰ শালদহ গাঁৱত জন্মগ্ৰহণ কৰি ছাত্ৰাৱস্থাৰ পৰাই ছাত্ৰ আন্দোলনক নেতৃত্ব দি পৰৱৰ্তী সময়ত বাগনা হাইস্কুলত শিক্ষকতা কৰি অৱশেষত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা অসম আন্দোলনৰ নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ দক্ষিণ বজালী অঞ্চলত শোকৰ ছাঁ পৰিছে। অসম গণ পৰিষদৰ সক্ৰিয় কৰ্মী তথা সমাজকৰ্মী অভয় দাসৰ পাঠশালা চিকিৎসালয়ত মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতে বহু গুণমুগ্ধই পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভিৰ কৰা পৰিলক্ষিত হয়। তেওঁৰ আকস্মিক বিয়োগত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, অগপৰ ৰাজ্যিক সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, অগপৰ উপ-সভাপতি ড০ ৰণজিৎ ডেকা, চিত্তৰঞ্জন বৰ্মন, মণি মাধৱ মহন্ত, ৰাজ্যিক সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়, বুবুল আহমেদ, অগপৰ বজালী বিধানসভা সমষ্টিৰ বিষয়ববীয়া, বালাপাৰা সাৰ্বজনীন ৰঙালী বিহু সন্মিলনী, কালদিয়া বনানী পৰিয়ালবৰ্গ, গোপীনাথ আঞ্চলিক ছাত্ৰ সন্থা, পূব বৰলা অশোকাষ্টমী উদযাপন সমিতি, লখিমী নগৰ উন্নয়ন সমিতি, বজালী জিলা শিক্ষক সন্থা, অৰুণোদয় পথ উন্নয়ন সমিতি, মিলিজুলি পথ উন্নয়ন সমিতি, আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, ১ নং বাগনা গাঁও উন্নয়ন সমিতি, বাগনা শ্ৰীশ্ৰীদুৰ্গা পূজা মহোৎসৱ, বাগনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, নন্দৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, শালদহ গাঁও উন্নয়ন সমিতি, শালদহ যুৱক সংঘ, শ্ৰীশ্ৰীগোপীনাথ মহাপ্ৰভু সভা মহোৎসৱ বৰলা, গোপীনাথ সমবায় সমিতিৰ সভাপতি গণেশ ৰয়, নিজ শালদহ হাইস্কুলৰ প্ৰধান শিক্ষক হৰেশ্বৰ কলিতাকে ধৰি সহস্ৰজন গুণমুগ্ধই অভয় চন্দ্ৰ দাসৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁৰ নশ্বৰ দেহ পাঠশালা জ্যোতি নগৰৰ বাসগৃহৰ পৰা পোনে পোনে বাগনা উচ্চ মাধ্যমিক বিদ্যালয়, নন্দৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে অভয় চন্দ্ৰ দাসৰ জন্মগাঁও শালদহলৈ শোভাযাত্ৰা কৰি লৈ যোৱা হয় আৰু তাৰ পিছতে অগণন গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like