নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ১ জুলাইত নতুন অপৰাধ আইন বলৱৎ

🔹 ব্রিটিছ আমোলৰ ঔপনিৱেশিক আইনী ব্যৱস্থাৰ অৱসান
🔹 কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ আনুষ্ঠানিক অধিসূচনা জাৰি : বিলুপ্তি ঘটিব ভাৰতীয় দণ্ডবিধি–ফৌজদাৰী প্রক্রিয়া বিধি–সাক্ষ্য আইনৰ
🔹 গোচৰৰ তদন্ত–বিচাৰ প্রক্রিয়া ক্ষিপ্রতৰ কৰি ভুক্তভোগীক ন্যায় প্রদানৰ যুগান্তকাৰী পদক্ষেপ মোদী চৰকাৰৰ

বিশেষ বাৰ্তা, ২৫ ফেব্রুৱাৰী : ঔপনিৱেশিক যুগৰ আইনী ব্যৱস্থাৰ অৱসান ঘটাৰ প্রক্রিয়া আৰম্ভ৷ ব্রিটিছ আমোলৰ আইনী ব্যৱস্থাৰ সংস্কাৰ ঘটাই কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা তিনি অপৰাধ আইন অহা ১ জুলাইৰ পৰা বলৱৎ হ’ব৷ কেন্দ্রীয় গৃহ মন্ত্রণালয়ে কালি আনুষ্ঠানিক অধিসূচনা জাৰি কৰি দেশৰ আইনী ব্যৱস্থাৰ বৃহত্তম সংস্কাৰ তিনি অপৰাধ আইন বলৱৎ হোৱাৰ দিন ঘোষণা কৰিলে৷ কেন্দ্রীয় চৰকাৰৰ তিনি অপৰাধ আইনে বিলুপ্তি ঘটাব ব্রিটিছ আমোলৰ প্রচলিত ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্রক্রিয়াবিধি আৰু সাক্ষ্য আইনৰ৷ গোচৰৰ তদন্ত–বিচাৰ প্রক্রিয়া ক্ষিপ্রতৰ কৰি ভুক্তভোগীক ন্যায় প্রদানৰ যুগান্তকাৰী পদক্ষেপ তিনি অপৰাধ আইন৷ এই তিনি অপৰাধ আইন হৈছে ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) অধিনিয়ম ২০২৩৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ব্রিটিছশাসিত আইনৰ বিলুপ্তি ঘটাই দেশত ইতিহাস সৃষ্টিৰে নতুন আইন বলৱতৰ লক্ষ্যৰে সংসদৰ শীতকালীন অধিৱেশনত দুয়ো সদনত ২০২৩ চনৰ ২১ ডিচেম্বৰত তিনি বিধেয়ক গৃহীত কৰা হৈছিল৷ সেই বিধেয়কত ২৫ ডিচেম্বৰত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে স্বাক্ষৰ কৰাৰ লগে লগে স্বাধীন ভাৰতৰ আইনী ব্যৱস্থাত যুগান্তকাৰী পদক্ষেপ হিচাপে তিনি অপৰাধ আইন প্রণয়ন হ’ল৷ লোকসভা নির্বাচনৰ পূর্বে কেন্দ্রীয় চৰকাৰে কালি এই তিনি আইন ১ জুলাইৰ পৰা বলৱতৰ সিদ্ধান্ত অধিসূচনাযোগে জাৰি কৰি ব্রিটিছ আমোলৰ ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্রক্রিয়াবিধি আৰু ভাৰতীয় সাক্ষ্য আইন ১৮৭২ৰ অৱসান ঘটালে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় চৰকাৰে ১ জুলাইৰ পৰা বলৱৎ হ’বলগীয়া তিনি অপৰাধ আইনৰ ভাৰতীয় ন্যায় সংহিতাৰ পৰা ‘হিট এণ্ড ৰান’ গোচৰৰ ব্যৱস্থাটো স্থগিত কৰি ৰাখিছে৷ ভাৰতীয় দণ্ডবিধিক আঁতৰাই নতুনকৈ প্রণয়ন কৰা ভাৰতীয় ন্যায় সংহিতাত কেইবাটাও ধাৰা সালসলনি কৰা হৈছে৷ ভাৰতীয় দণ্ডবিধি (আইপিচি)ৰ ধাৰা ৩০২ৰ অধীনত হত্যাৰ কাৰণে শাস্তিৰ ব্যৱস্থা আছিল যদিও ভাৰতীয় ন্যায় সংহিতা তথা নতুন আইনখনত ১০১ ধাৰাৰ অধীনত পৰিব৷ ঠিক তেনেদৰে আইপিচিৰ ধাৰা ৪২০ প্রৱঞ্চনাৰ অভিযোগৰ আছিল৷ কিন্তু নতুন আইন মতে, অর্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬ ধাৰাৰ অধীনত পৰিব প্রৱঞ্চনাৰ অভিযোগ৷ আইপিচিৰ ১৪৪ ধাৰাৰ সলনি নতুন আইনত ধাৰা ১৮৭ হ’ব৷ চৰকাৰৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণাৰ আইপিচিৰ ১২১ ধাৰাৰ সলনি নতুন আইনখনত ধাৰা ১৪৬ হ’ব৷ আনপিনে ৰাষ্ট্রদ্রোহৰ সৈতে মোকাবিলা কৰিবৰ বাবে প্রণয়ন হৈ থকা আইপিচিৰ ১২৪–এ ধাৰা বর্তমান নতুন আইনখনত ধাৰা ১৫০ হিচাপে জনা যাব৷ উল্লেখ্য যে নতুন অপৰাধ আইনৰ অধীনত ম’ব লিঞ্চিৰ কাৰণে মৃত্যুদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে৷ ভাৰতীয় দণ্ডবিধি (আইপিচি)ৰ অধীনত ন্যায়ৰ পৰিৱর্তে শাস্তিক প্রাধান্য দিয়া হৈছে৷ বিজেপিয়ে নির্বাচনী প্রতিশ্রুতি মতে ব্রিটিছ আমোলৰ আইনী ব্যৱস্থাক বৃহৎ সংস্কাৰেৰে দেশত নতুন অপৰাধ আইনী প্রক্রিয়া বলৱতৰ ঘোষণা কৰিলে৷ মোদী চৰকাৰৰ এই তিনি নতুন অপৰাধ আইনে দেশৰ আইনী ব্যৱস্থাক নতুন গতি প্রদান কৰিব৷

You might also like