নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ দখলত ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভা

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : বজালী সদৰ পাঠশালাস্থিত ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি অনুষ্ঠিত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদক, আলোচনী সম্পাদক, খেল বিভাগৰ সম্পাদককে ধৰি নিৰ্বাচন অনুষ্ঠিত হোৱা আটাইকেইটা পদতে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়৷ আজি ঘোষিত নিৰ্বাচনৰ ফলাফলত ক্ৰমে সাধাৰণ সম্পাদক পদত নিশান্ত ডেকা, সমাজ সেৱা পদত ভাস্কৰ পাঠক, সাধাৰণ খেল বিভাগৰ সম্পাদক পদত হেমন্ত শৰ্মা, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক পদত হিমজ্যোতি তালুকদাৰ, সহকাৰী পুথিভঁৰাল সম্পাদক পদত ৰাহুল দাস, তৰ্ক আৰু সাহিত্য চৰ্চা পদত হেমাশ্ৰী কলিতা, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত জোনমণি বেগম, সাংস্কৃতিক সম্পাদিকা পদত অংকিতা ৰয়কে আদি কৰি আটাইকেইটা পদতে আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয় ৷ শিক্ষানুষ্ঠানখনৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীসকলে জয়লাভ কৰাৰ পিছতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৃতিৰাজ তালুকদাৰ আৰু সাধাৰণ সম্পাদক অংকুৰ মেধিয়ে সংবাদ মাধ্যমৰ আগত কয় যে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্বাচনৰ এই জয় কেৱল সদৌ অসম ছাত্ৰ সন্থাৰ জয় নহয়, এয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ জয় ৷ এই জয়ে পুনৰ প্ৰমাণ কৰিলে যে ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্বৰ দৰে বৰ্তমানো সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আস্থা আৰু বিশ্বাস দুয়োটাই আছে, নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষণ আছে৷ আজিৰ এই ফলাফলৰ পিছতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীকে ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি প্ৰতিগৰাকী শিক্ষাগুৰু, কৰ্তৃপক্ষ, কৰ্মচাৰীবৃন্দক নিৰ্বাচনী প্ৰক্ৰিয়াটো সুন্দৰকৈ তথা সুচাৰুৰূপে চলাই নিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

প্ৰেৰক কল্যাণ কলিতা

You might also like