নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ যুৱ শিক্ষক মৃণাল বৈশ্যৰ স্মাৰক গ্ৰন্থ “স্মৃতিৰ দাপোণ” উন্মোচন

নিয়মীয়া বাৰ্তা, ২৫ মে’ : “ভাৰতীয় সভ্যতা সংস্কৃতিৰ মূল ভেটি আৰু গতিয়েই হৈছে ভাগৱত-গীতা৷ এই মহান গ্ৰন্থত আছে ‘ব্ৰহ্মম সত্যম, জগত মিথ্যা৷’ আজি আমি এই ব্ৰহ্ম সত্যক মানি লোৱাৰ বাদে আমাৰ কোনো উপায় নাই৷ আজি মৃণাল বৈশ্যই আমাৰ চৰাচৰ জগত এৰি গৈছে৷ কাৰণ জীৱ সত্তাৰ বাস্তৱ সত্যই হৈছে যে জন্মৰ লগতে মৃত্যুও অৱধাৰিত৷” এই মন্তব্য বিশিষ্ট শিক্ষাবিদ মুৰাৰী মোহন দত্তৰ৷ আজি বজালীৰ এগৰাকী উদীয়মান যুৱ শিক্ষক প্ৰয়াত মৃণাল বৈশ্যৰ স্মাৰক গ্ৰন্থ “স্মৃতিৰ দাপোণ” উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ তথা এম এন চি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুৰাৰী মোহন দত্তই কয় যে, “নশ্বৰ দেহ শেষ হৈ গ’লেও মানুহৰ আধ্যাত্মিক সত্তা থাকি যায়৷ এয়াই হৈছে ব্ৰহ্ম সত্য৷ আৰু এই সত্যক মানি লৈ আমি কব বিচাৰো যে মৃণালে ক্ষন্তেকীয়া জীৱনৰ মাজেৰে দি থৈ গ’ল এক মহৎ জীৱনৰ উদাহৰণ৷ আৰু এইখিনিয়েই পৰম সত্য, মানৱ জীৱনৰ অনুদান৷” আজি প্ৰয়াত মৃণাল বৈশ্যৰ বজালীৰ ৰায়পুৰস্থিত বাসগৃহত সৰ্বেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিগ্ৰন্থ উন্মোচনী সভাত শিক্ষাবিদগৰাকীয়ে কয় যে কম বয়সীয়া হ’লেও সময় নদীৰ বলুকাত মৃণালে প্ৰমাণ কৰি গ’ল তেওঁৰ জীৱনৰ প্ৰাসংগিতাৰ৷ এইজন ডেকা লৰাই অতি কম সময়ৰ ভিতৰতে পৰিয়ালক, সমাজক যি দি থৈ গ’ল তাক আজি উন্মোচিত এই স্মৃতিগ্ৰন্থখনে যুগমীয়া কৰিব বুলি মন্তব্য কৰি তেওঁ কয় যে মাত্ৰ ২৫টি বছৰৰ বাবে এই ধৰালৈ অহা এক অৰ্থব্যঞ্জক শিল্প আছিল মৃণাল বৈশ্য৷ সৃষ্টিৰ সপোন লৈ পৃথিৱীলৈ অহা মৃণালৰ অবৰ্তমানে পিতৃ-মাতৃক অপুৰণীয় শোক দিলে যদিও স্থিতপ্ৰজ্ঞ পিতৃ-মাতৃয়ে আজি এই গ্ৰন্থেৰে মৃণালৰ জীৱনৰ সাৰ্থকতাক সাকাৰ কৰিলে৷ স্মৃতিগ্ৰন্থখন মুখ্য সম্পাদক, বিশিষ্ট নাট্যকাৰ তথা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক দেবেন ৰয়ে উদ্দেশ্য ব্যাখ্যা কৰি আঁত ধৰা সভাখনত শৰৎ তালুকদাৰ, ভূমিধৰ লহকৰ, কৈলাশ দাস, প্ৰহ্লাদ চৌধুৰী, শশধৰ হালৈ, ইন্দ্ৰজিৎ দাস, ড৹ প্ৰণৱ দাস, যতীন ঠাকুৰীয়া, পৰেশ দাস আদি বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত মৃণাল বৈশ্যৰ স্মৃতিচাৰণ কৰি তেওঁৰ অকাল বিয়োগ আমাৰ শিক্ষা আৰু সমাজ জীৱনৰ বাবে এক অপুৰণীয় ক্ষতি মন্তব্য কৰি তেওঁৰ পূণ্যাত্মালৈ শ্ৰদ্ধা নিবেদন কৰে৷ কেবাগৰাকীও লোকক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত পৰিয়ালৰ হৈ ভাষণ ৰাখে মৃণালৰ পিতৃ তথা শিক্ষক কাশীনাথ বৈশ্যই৷ উল্লেখ্য যে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰথম মৃত্যু তিথিৰ কাৰ্যসূচী হিচাপে অনুষ্ঠানৰ আৰম্ভনিতে পুৱা প্ৰয়াত মৃণাল বৈশ্যৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে পিতৃ কাশীনাথ বৈশ্য, মাতৃ ললিতা বৈশ্য আৰু ভগ্নী গৰিমা বৈশ্যই৷ মৃতকৰ শ্ৰাদ্ধানুষ্ঠাৰ পিছতে ভাগৱত পাঠ কৰে ডিম্বেশ্বৰ কলিতাই৷ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিয়ালৰ লগতে আত্মীয় তথা বহু শুভাকাংক্ষীয়ে প্ৰয়াত শিক্ষকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে৷ উল্লেখ্য যে বজালীৰ এগৰাকী বিজ্ঞানৰ সম্ভাৱনাময় যুৱ শিক্ষক পাঠশালাৰ সমীপৱৰ্তী ৰায়পুৰ গাঁৱৰ নিৱাসী মৃণাল বৈশ্যৰ যোৱা বৰ্ষৰ ৭ মে’ৰ সন্ধিয়া মাত্ৰ ২৫ বছৰ বয়সতে আকস্মিক বিয়োগ ঘটে৷ অতি কম সময়ৰ ভিতৰতে এগৰাকী সু শিক্ষকৰ স্বাক্ষৰ দাঙি ধৰিবলৈ সক্ষম হোৱা মৃণাল বৈশ্যৰ আজি এবছৰীয়া পুণ্য তিথিত পৰিয়ালৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে তেওঁৰ স্মৃতিচাৰণ কৰা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like