পাঁচ মাহে সন্ধানহীন বলৰাম পাল : মানসিকভাৱে ভাগি পৰিছে পৰিয়াল
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰ : বৰপেটাৰ জিলাৰ বাঘবৰৰ মন্দিয়া আৰক্ষী চকীৰ এলেকাধীন ২নং বৰদলনি গাঁৱৰ মধু সুধন পালৰ দ্বিতীয় পুত্ৰ ২৩ বছৰীয়া বলৰাম পালৰ আজিও সন্ধান নাই। বিগত পাচঁ মাহ ধৰি সন্ধানহীন হৈ আছে বলৰাম পাল। উল্লেখযোগ্য যে যোৱা ১৩ জুলাই শনিবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈছিল যদিও অদ্যাপি ঘৰলৈ উভতি নাহিল বলৰাম। ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বলৰাম পালৰ বিচাৰ-খোচাৰ কৰিছে যদিও আজি পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই বলৰাম পাল নামৰ উক্ত যুৱকজনৰ। ইফালে ২৩ বছৰীয়া বলৰাম পালৰ কোনো সন্ধান নুলোৱাত পালৰ পিতৃ-মাতৃ, ভাতৃ আৰু আত্মীয়সজন মানসিকভাৱে ভাগি পৰিছে। অৱশ্যে বলৰাম পালৰ নিখোঁজ সন্দৰ্ভত পৰিয়ালৰ লোকে ঘটনাৰ পিছতেই মন্দিয়া আৰক্ষী চকীত অৱগত কৰিছিল যদিও আৰক্ষীৰ ফালৰ পৰা কোনো সহাঁৰি নোপোৱাৰ কথা উল্লেখ কৰিছে বলৰামৰ ককাইয়েকে। সেয়ে যুৱকৰ নিৰুদ্দেশ সন্দৰ্ভত শেহতীয়াকৈ জিলা আৰক্ষী অধীক্ষকো অৱগত কৰিছে পৰিয়ালৰ লোকে। অৱশ্যে এই ক্ষেত্ৰত এতিয়া দুৰ্ভোগীয়া পৰিয়ালটিয়ে আৰক্ষীৰ সহায় বিচাৰিছে। কোনো হৃদয়ৱান লোকে বলৰাম পালৰ সন্ধান পালে ওচৰৰ আৰক্ষী অথবা পৰিয়ালৰ লোকৰ 6000414795 ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ