নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘগ্ৰাপাৰত বাঁহৰ দলঙেৰে যাতায়াত জনসাধাৰণৰ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ এটি পথৰ বাবে ৰাইজে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে। অতি গুৰুত্বপূৰ্ণ লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰত প্ৰায় দুবছৰ ধৰি যাতায়তৰ ভৰষা হোৱা এখন বাঁহৰ দলঙে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাইছে বুলি ৰাজহুৱা অভিযোগ উঠিছে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন বিলপাৰ-নাৰিকুছি চ’কৰ পৰা দেহাৰকুছি (পুৰ্ণকামদেৱ) পথটোৱে ৰাইজক যাতনা ভোগাই আহিছে। উক্ত পথটোৰে অঞ্চলটোৰ দহ বাৰ খন গাঁওৰ দৈনিক হাজাৰ হাজাৰ লোক তথা যানবাহন চলাচল কৰে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বড়িগাঁও (দক্ষিণগাঁও) স্থিত মেডিকেল কলেজলৈও একাংশ বিষয়া কৰ্মচাৰী এই পথটোৰে যাতায়ত কৰে। অতি দুৰ্ভাগ্যজনক বিষয় এই যে পথটোৰ ২ নং নিমুৱা লাটিমা গাঁৱত বিগত বৰ্ষৰ ১৬ জুনত বানে উটুৱাই নিয়া কালভাৰ্ট এটা আজি প্ৰায় দুবছৰ  ধৰি নিৰ্মাণ নোহোৱাত ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে নৰক যন্ত্ৰণা ভুগি আহিছে। বিগত দিনত ৰাইজে কেইবাৰো গাঁঠিৰ ধন খৰছ কৰি উক্ত স্থানত বাঁহৰ দলং এখন নিৰ্মাণ কৰি চলাচলৰ দিহা কৰিছিল যদিও সম্প্ৰতি দলংখন জৰাজীৰ্ণ হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্ততে  যে দুৰ্ঘটনা  সংঘটিত নহব,সেয়া নুই কৰিব নোৱাৰি। বিগত দিনত স্থানীয় ৰাইজে উক্ত কালভাৰ্টটো নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সুফল পোৱা নাই ৷ প্ৰণিধাণযোগ্য যে প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ বিলপাৰৰ পৰা দেহাৰকুছি (পূৰ্ণকামদেৱ)লৈ পথটোৰ নামত আঠ কোটি বিশ লাখ বাৰ হাজাৰ ছয়শ টকা ধাৰ্য কৰি নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰাৰ এখন তথ্য ফলক ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আঁৰি দিয়া আছে যদিও সেয়াও সময় মতে হৈ নুঠিল ৷ ৩১নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিলপাৰ-নাৰিকুছি দেহাৰকুছি পথটোৰ দেহাৰকুছিৰ সমীপতে পূৰ্ণকামদেৱ গাঁওখন অৱস্থিত ৷ পূৰ্ণকামদেৱ  গাঁওখনেই  সাংসদ দিলীপ শইকীয়াৰ গৃহ গাঁও৷ সাংসদ দিলীপ শইকীয়া গাঁৱৰ গৃহলৈ আহিলে প্ৰায়েই উক্ত পথৰে আহে৷ তদুপৰি ঘগ্ৰাপাৰ- চিলিং পথটোও উক্ত পথত সংযোগ হৈছে ৷ এনেকুৱা এটি গুৰুত্বপূৰ্ণ পথৰ ২ নং নিমুৱা লাটিমাত আজি প্ৰায় দুবছৰ ধৰি বানে উটুৱাই নিয়া কালভাৰ্ট এটা নিৰ্মাণ নোহোৱাত স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে খেদ প্ৰকাশ কৰিছে । ইফালে এনেধৰণৰ গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ বাবে চৰকাৰীভাবে কোটি কোটি টকা অবন্টন দিয়াৰ পিছতো গুৰুত্ব নিদিয়ে লোক নিৰ্মাণ বিভাগে ৷ ইপিনে কালভাৰ্টটো নিৰ্মাণৰ বাবে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থা আৰু যুৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে হুংকাৰ দিছে। লগতে সংগঠন দুয়োটাই নলবাৰীৰ বিয়াগোম লোক নিৰ্মাণ বিভাগৰ লগত গোপন বুজাবুজি কৰি ঠিকাদাৰে নিজৰ খেয়াল-খুচি তথা মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপিত কৰিছে। অতিশীঘ্ৰে পথটিৰ নিৰ্মাণৰ কাম নকৰিলে ৰাইজৰ সহযোগত  আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে সংগঠন দুটাই।  কালভাৰ্টটো নিৰ্মাণৰ ক্ষেত্ৰত আজিকোপতি বাস্তৱায়িত নকৰাত লোক নিৰ্মাণ বিভাগৰ মইমতালিতে ছাত্ৰ- ছাত্ৰী তথা সাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰিছে ৷
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like