নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: বজালীৰ মাজেৰে প্ৰৱাহিত কালদিয়া নৈৰ প্ৰাকৃতিক সৌন্দৰ্যত মোহাচ্ছন্ন বনভোজপ্ৰেমী ৰাইজ৷ নৈখনৰ কুল কুল, কল কল নিনাদ ধ্বনিৰ সুৰে আকৰ্ষিত কৰি তুলিছে বনভোজপ্ৰেমীসকলক৷ ২০২২ বৰ্ষ শেষ হবলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী৷ পুৰণি বৰ্ষক বিদায় জনাই নৱবৰ্ষক আদৰিবলৈ যেন সাজু হৈছে সকলো৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ চৌদিশে এতিয়া আৰম্ভ হৈছে বনভোজৰ বতৰ। ইতিমধ্যে ৰাজ্যৰ প্ৰায়বোৰ বনভোজথলী, শিশু উদ্যানসমূহ আকৰ্ষণীয় ৰূপত সজাই পৰাই তুলিছে উদ্যোক্তাসকলে। ব্যতিক্ৰম হোৱা নাই নবগঠিত বজালী জিলাৰ সদৰ পাঠশালাৰ দক্ষিণ প্ৰান্তৰ বালাপাৰাত অৱস্থিত কালদিয়া বনানী বনভোজ থলী আৰু শিশু উদ্যানো। উল্লেখযোগ্যযে কালদিয়া নৈৰ পাৰৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই বনভোজথলী আৰু শিশু উদ্যানত এসাজ লগে ভাগে খোৱাৰ বাবে ডিচেম্বৰৰ দ্বিতীয়, তৃতীয় আৰু শেষৰটো দেওবাৰে একপ্ৰকাৰ লোকে লোকাৰণ্য হৈ পৰে কালদিয়া বনানী। মন কৰিবলগীয়া যে গ্ৰামাঞ্চলৰ অতি ভিতৰুৱা অঞ্চল হিচাপে পৰিচিত বালাপাৰাৰ কালদিয়া নৈৰ পাৰত স্থাপিত এই বনভোজথলীত বনভোজ খোৱাৰ উপৰিও ইয়াত আছে কণ কণ লৰা ছোৱালীৰ ভিন্ন ধৰণৰ মনোৰঞ্জনধৰ্মী খেল ধেমালিৰ ভিন্ন সঁজুলি যত উমলি জামলি সকলো মতলীয়া হোৱা পৰিলক্ষিত হৈছে। আনহাতে বনানী চচাইটীয়ে এইবাৰ নতুনকৈ সংযোজন কৰিছে চুইমিং পুলৰ যিয়ে বনানীখনৰ আকৰ্ষণ বৃদ্ধি কৰিছে৷ কালদিয়া বনানী চচাইটীৰ মুল উদ্যোক্তা হীৰেণ কলিতাই জনোৱা অনুসৰি বনভোজথলীত ইতিমধ্যে নিৰ্মাণ হৈছে তিনি হাজাৰ বৰ্গফুটৰ বিশাল আকাৰৰ আধুনিক আৰু তথ্য প্ৰযুক্তি সমৃদ্ধ এটি চুইমিং পুল৷ লগতে বনানীখনত খকা বিশাল পুখুৰীত সকলো প্ৰকাৰৰ সুৰক্ষাৰ ব্যৱস্থাৰো নাও চলোৱাৰো ব্যৱস্থা কৰিছে বনানীখনে৷
প্ৰেৰক কল্যাণ কলিতা