নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ বিৰোধিতাৰ বাবেই সম্পূর্ণ হোৱা নাই কাঁইটীয়া তাঁৰৰ বেৰ

১,৩৪,৮১০ অবৈধ বিদেশীক চিনাক্ত, বহিষ্কাৰ ২৯,৯৫৯জনক

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ বাংলাদেশৰ আপত্তিৰ বাবেই অসম সংলগ্ণ ভাৰত–বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ নির্মাণ সম্পূর্ণ হোৱা নাই৷ সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হৈ সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু ৰমেন্দ্র নাৰায়ণ কলিতাৰ দুটা পৃথক পৃথক লিখিত প্রশ্ণৰ উত্তৰ দি আজি বিধানসভাৰ মজিয়াত এই কথা সদৰী কৰে৷ মন্ত্রী পাটোৱাৰীয়ে প্রকাশ কৰা অনুসৰি অসম–বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ কাম বর্তমান ৯৮.৩৫ শতাংশ সম্পূর্ণ হৈছে৷ বাকী আছে প্রায় ১.৬৫ শতাংশ৷ ব’ডাৰ গার্ড বাংলাদেশ (বিজিবি)–এ আপত্তি কৰাৰ বাবে অসম–বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰৰ কাম সম্পূর্ণ হোৱা নাই৷ অসম–বাংলাদেশ সীমান্ত উন্মুক্ত হৈ থকা ৪.৩৫ কিলোমিটাৰ এলেকা কৰিমগঞ্জ জিলাৰ অন্তর্গত বুলি মন্ত্রী পাটোৱাৰীয়ে সদৰী কৰে৷ বিষয়টো সন্দর্ভত তেওঁ কয় যে ২০১৯ চনৰ ৩০ জুলাইত অনুষ্ঠিত ৪৬সংখ্যক উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ বৈঠকে সীমান্তৰ এই এলেকাটোত কাৰিকৰীভাৱে সমাধান কৰাৰ বাবে ৪.৭৭ কোটি টকা অনুমোদন দিছিল৷ লগতে এন চি এন চিৰ ভিত্তিত কাৰিকৰীভাৱে সমাধানৰ খচৰা বিশদ প্রকল্প প্রতিবেদন (বিপিআৰ) প্রস্তুত কৰিবলৈ মেচার্ছ ভাৰত ইলেক্ট্রনিক লিমিটেডক অনুমতিও প্রদান কৰা হৈছে৷

বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ প্রশ্ণৰ উত্তৰত মন্ত্রী পাটোৱাৰীয়ে অসম চুক্তিৰ ভিত্তিত ৰাজ্যত চিনাক্ত হোৱা আৰু বহিষ্কাৰ কৰা অবৈধ বিদেশীৰ পৰিসংখ্যা সদনৰ মজিয়াত দাঙি ধৰে৷ মন্ত্রী পাটোৱাৰীয়ে কয় যে অসম চুক্তি অনুযায়ী যোৱা ৩১ জুলাইলৈকে ১,৩৪,৮১০জন লোকক অবৈধ বিদেশী হিচাপে চিনাক্ত কৰা হৈছে৷ লগতে যোৱা ৩০ নৱেম্বৰ পর্যন্ত বহিষ্কাৰ কৰা হৈছে ২৯,৯৫৯জন বিদেশী৷ ইফালে, বিধায়ক আমিনুল ইছলামৰ আন এক প্রশ্ণৰ উত্তৰ দি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সোণোৱালৰ হৈ মন্ত্রী পাটোৱাৰীয়ে সম্প্রতি ৰাজ্যত ১০০খন বিদেশী ন্যায়াধিকৰণ কার্যক্ষম হৈ থকা বুলি জানিবলৈ দিয়ে৷ তেওঁ কয় যে এই ১০০খন বিদেশী ন্যায়াধিকৰণত যোৱা ৩১ জুলাইলৈকে মুঠ ৪,৩৪,৬৫৪টা বিদেশী গোচৰ পঞ্জীয়নভুক্ত হৈছে৷ ইয়াৰে ৰায়দান হৈছে ২,২০,৮৩৩টা গোচৰৰ৷ ৰায়দান হোৱা গোচৰসমূহৰ ভিতৰত ১,১৬,০৩৫জনক বিদেশী নহয় অর্থাৎ ভাৰতীয় আৰু ১,৩৪,৮১০জনক বিদেশী বুলি চিহ্ণিত কৰা হৈছে৷ বিদেশী ঘোষিত লোকসকলৰ ভিতৰত ৮১,৯৭১টা গোচৰত একপক্ষীয় ৰায়দান হোৱাৰ বিপৰীতে দুয়োপক্ষৰ যুক্তি শুনি ৰায়দান হোৱা ১,৩৮,৮৫৬টা গোচৰত ভাৰতীয় আৰু বিদেশী দুয়োধৰণৰ ব্যক্তি সন্নিৱিষ্ট হৈ আছে৷ অৱশ্যে এই ৰায়দানত কিমান ভাৰতীয় আৰু কিমানসংখ্যক বিদেশী আছে তাৰ তথ্য সংগ্রহ কৰি থকা হৈছে বুলিহে সদনক জানিবলৈ দিয়ে মন্ত্রী পাটোৱাৰীয়ে৷ বিধায়ক শ্বেৰমান আলী আহমেদৰ এটা লিখিত প্রশ্ণৰ উত্তৰত নির্বাচনী বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী সোণোৱালৰ হৈ জলসম্পদ মন্ত্রী কেশৱ মহন্তই ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কর্তন সম্পর্কীয় তথ্য সদৰী কৰে৷ মন্ত্রী মহন্তই প্রকাশ কৰা অনুসৰি যোৱা ১৮ নৱেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশৰ পাছত অনুপস্থিত, স্থায়ীভাৱে বসতিস্থল সলনি কৰা আৰু মৃত মুঠ ১,৩১,৮৫৯জন ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কর্তন কৰা হৈছে৷ অৱশ্যে এইক্ষেত্রত যদি কাৰোবাৰ কিবা ওজৰ–আপত্তি থাকে তেন্তে অহা ১৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশৰ পাছত আৰম্ভ হ’বলগীয়া ভোটাৰ তালিকা উন্নীতকৰণৰ সময়ছোৱাত সেয়া দাখিল কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷

You might also like