নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ১৯৮৭ চনত স্থাপন হোৱা বঙাইগাঁও জিলাৰ গেৰুকাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি প্ৰাক্তন ছাত্ৰ সন্মিলনখন গঠন কৰা হয় ৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বিদ্যালয় খনৰ প্ৰধান শিক্ষক বিপুল কুমাৰ নাথৰ আহ্বানত অনুষ্ঠিত সাধাৰণ সভা খন পৰিচালনা কৰে বিদ্যালয় পৰিচালনা সমিতি আৰু উন্নয়ন সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ কুঞ্জমোহন ৰায়ে ৷ অৰ্ধ শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা সভাত সৰ্বসন্মতি ক্ৰমে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কুঞ্জমোহন ৰায়ক সভাপতি, মুকুল ৰায়, প্ৰিয়ংকা মজুমদাৰক উপ-সভাপতি, জেহেৰুল ইছলামক সাধাৰণ সম্পাদক, জগন্নাথ ৰায় আৰু ধৰিত্ৰী ৰায়ক সহকাৰী সাধাৰণ সম্পাদক, মহেন্দ্ৰ ৰায়ক কোষাধ্যক্ষ, মানসজ্যোতি ডেকা আৰু সুমিত্ৰা ৰবিদাসক সাহিত্য আৰু সাংস্কৃতিক সম্পাদক, মনোৰঞ্জন ৰায় আৰু ইনামূল আলীক প্ৰচাৰ সম্পাদক লগতে এঘাৰ জনীয়া কাৰ্যকৰী সদস্য সহ মুঠ ২১ জনীয়া সদস্যৰে গেৰুকাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন খনি গঠন কৰা হয় ৷ সভাই বিদ্যালয় খনৰ পৰা বিগত ১৯৯০ চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ তালিকা প্ৰস্তুত কৰা, বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ মত বিনিময় অনুষ্ঠান আয়োজন কৰা, যোগাযোগ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে এটা হোৱাটছআপ গ্ৰুপ খোলা আদি কেবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সভাত বিদ্যালয় খনৰ শিক্ষক চাহাবুদ্দিন আহমেদ, নিতি দাস, জমিলা খাতুন আৰু ৰাজীৱ ৰায় উপস্থিত থাকে ৷
প্ৰেৰক বৰ্ণালী তালুকদাৰ