জেএমবি-আল কায়দাকে ধৰি অসমত সক্ৰিয় বাংলাদেশী জেহাদী গোষ্ঠীৰ একাংশ নকল ভাৰতীয় মুদ্ৰাৰ বেহাৰ সৈতে জড়িত থকাৰ সন্দেহ
নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ সম্প্ৰতি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পৰা অসম আৰক্ষীয়ে জামায়ত-ঊল মুজাহিদীন বাংলাদেশ (চমুকৈ জেএমবি)ৰ তিনিগৰাকীকৈ সদস্য গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ উচ্চাৰিত হৈছে কুখ্যাত সেই বাংলাদেশী জেহাদী গোষ্ঠীটোৰ নাম। ইয়াতে উল্লেখনীয় যে বিগত বছৰৰ ২১ এপ্ৰিলৰ নিশা গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ এটি দলে জিলাখনৰ গৌৰীপুৰৰ লালকুৰা প্ৰথম খণ্ড গাঁৱৰ জনৈক মজিবৰ ৰহমান নামৰ ব্যক্তি এজনৰ গৃহত এক অভিযান চলাইছিল। আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছিল চাৰিটাকৈ হস্তনিৰ্মিত পিস্তলকে ধৰি ১লাখ টকা ২ হাজাৰ নকল ভাৰতীয় টকা। মজিবৰক গ্ৰেপ্তাৰ কৰি সোধাপোছা কৰাৰ অন্তত পোৱা স্বীকাৰোক্তিৰ ভিত্তিত কেইদিন মান পিছত আৰক্ষীয়ে কৰায়ত্ত কৰিছিল তেওঁৰ ভাতৃ ফয়জাৰ আলীক। আৰক্ষীৰ তদন্তত ধৃত মজিবৰ আৰু ফয়জাৰ আলী বাংলাদেশী জেহাদী গোষ্ঠী জেএমবি–ৰ সদস্য বুলি ইতিমধ্যে উন্মোচিত হৈছে। ফলত স্বাভাৱিকভাবেই ধুবুৰী জিলাতো জেএমবিৰ শ্লিপাৰ চেল সক্ৰিয় হৈ থকাৰো সন্দেহ উত্থাপিত হৈছিল। স্মৰ্তব্য যে, ২০১৪ চনত যে অক্টোবৰৰ দিনা পশ্চিমবঙ্গৰ বৰ্ধমানৰ এক বিষ্ফোৰণৰ ঘটনা সন্দৰ্ভে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (চমুকৈ নিয়া)ই চলোৱা এক তদন্তত বাংলাদেশী জেহাদী গোষ্ঠী জেএমবিৰ শিপা অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ বিয়পি পৰাৰ এক ভয়ংকৰ তথ্য উন্মোচিত হৈছিল। মূলতঃ পাকিস্তানী চোৰাংচোৱা সন্থা ইন্টাৰ–চাৰ্ভিচেছ ইন্টেলিজেঞ্চ (চমুকৈ আইএচআই)ৰ সহযোগত ১৯৯৮ চনত বাংলাদেশত জন্ম হৈছিল এই জেহাদী সংগঠনটোৰ। একাংশ চোৰাংচোৱা সন্থাৰ ভিতৰচৰাত থকা চৰ্চানুসৰি আফগানিস্তানৰ তালিবানী শক্তিৰ সৈতে সুসম্পৰ্ক থকা জনৈক আব্দুৰ ৰহমানৰ নেতৃত্বত গঠন হৈছিল জেএমবিৰ। এই সংগঠনটোৰ মূল লক্ষ্য হ’ল গণতান্ত্ৰিক শাসন ব্যৱস্থা ওফোৰাই বাংলাদেশ, পশ্চিমবংগ, অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বিশাল অঞ্চল সাঙুৰি এখন ইছলামিক ৰাষ্ট্ৰ গঠন কৰাৰ। জন্ম লভাৰ পিছত কেইটামান বছৰ বিশেষ তৎপৰতা দেখা নগ’লেও ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ ৩০০ ঠাইত ৫০০টাকৈ বিষ্ফোৰণ ঘটাই সংগঠনটোৱে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। সেই দূষ্কাৰ্য্য সংঘটিত কৰাৰ পিছত জেএমবিক নিষিদ্ধ সংগঠন ৰূপে ঘোষণা কৰিছিল বাংলাদেশ চৰকাৰে। ২০০৭ চনৰ ২৯ মাৰ্চৰ দিনা বাংলাদেশৰ বিশেষ কমাণ্ডো বাহিনীৰ হাতত কৰায়ত্ব হৈছিল জেএমবিৰ প্ৰতিষ্ঠাপক আব্দুৰ ৰহমান ওৰফে বাংলা ভাইকে ধৰি সংগঠনটোৰ অইন চাৰিগৰাকী শীৰ্ষ নেতা। পিছত দেশখনৰ বিশেষ আদালতৰ ৰায় মৰ্মে আটাইকে দিয়া হৈছিল মৃত্যুদণ্ড। এই ঘটনাই সংগঠনটোলৈ এক মোক্ষম আঘাত হানিব বুলি ভৱা হৈছিল যদিও বৰ্তমানেও বাংলাদেশত এই জেহাদী গোষ্ঠীটো পূৰ্ণ মাত্ৰাই সক্ৰিয় হৈ থকা বুলিয়েই প্ৰকাশ। আনহাতে ২০১৬ চনত ১ জুলাইৰ দিনা বাংলাদেশৰ ৰাজধানী ঢাকাৰ এটা ৰেষ্টুৰেন্টত এক ভয়ানক ঘটনা সংঘটিত হৈছিল। সিদিনা ‘হোলি আৰ্টিজান বেকেৰী’ (Holey Artisan Bakery) নামৰ বিপনী এখনত মাৰণাস্ত্ৰ আৰু ক্ৰুড বোমেৰে সজ্জিত হৈ আক্ৰমণ চলাইছিল ৫জনীয়া এটি সশস্ত্ৰ দলে। ফলত সিদিনা বিপনীখনলৈ আহাৰ গ্ৰহণ কৰিব আহি কৰুণ মৃত্যুক সাৱটিবলগীয়া হৈছিল ২২গৰাকী ব্যক্তি। নিহত সকলৰ অধিকাংশই আছিল বিদেশী নাগৰিক। আনহাতে সিদিনাৰ সেই ঘটনাত মৃত্যু হৈছিল দুগৰাকী বাংলাদেশী আৰক্ষী বিষয়াৰো। দেশখনৰ কমাণ্ডোৰে প্ৰায় ২৪ ঘন্টা জুৰি চলা গুলীয়াগুলীৰ অন্তত মৃত্যু হৈছিল সন্ত্ৰাসবাদী ৫ গৰাকীৰ। বশিহৰণকাৰী সেই ঘটনাৰ তদন্তত জেএমবি–ৰ পৰা ফালৰি অহা অধিক কট্টৰপন্থী একাংশই নতুন এটা সন্ত্ৰাসবাদী গোটৰ জন্ম দিয়া বুলি উন্মোচিত হৈছিল। নিঅ’ জেএমবি (NEO JMB) নামৰ নতুনকৈ গঠিত হোৱা সেই জেহাদী গোষ্ঠীটোৱে নতুন সদস্য ভৰ্তিৰ ক্ষেত্ৰত কম্পিউটাৰকে ধৰি ইন্টাৰনেট জনা নৱপ্ৰজন্মৰ যুৱকক অগ্ৰাধিকাৰ দিয়াৰ তথ্যও লাভ কৰিছিল বাংলাদেশৰ আৰক্ষীয়ে। শেহতীয়াকৈ জেএমবিয়ে জামায়ত-ঊল মুজাহিদীন ইণ্ডিয়া (চমুকৈ জেএমআই) নামাকৰণৰে এটা নতুন জেহাদী সংগঠনৰ জন্ম দিয়াৰো নিশ্চিত তথ্য আছে ভাৰতীয় চোৰাংচোৱা হাতত। ইয়াতে উল্লেখনীয় এয়াও যে বিগত বছৰটোৰ পৰা এতিয়ালৈকে ধুবুৰীকে ধৰি দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ পৰা অসম আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ নকল ভাৰতীয় টকা উদ্ধাৰ কৰাৰ উপৰিও নকল ভাৰতীয় মুদ্ৰাৰ বেহাৰ সৈতি জড়িত থকাৰ অভিযোগত কেইবাগৰাকী বাংলাদেশী নাগৰিকো কৰায়ত্ব কৰিছে। ইপিনে ভাৰতীয় অৰ্থনীতিক বিপৰ্য্যস্ত কৰাৰ লক্ষ্যেৰে পাকিস্তানী চোৰাংচোৱা সন্থা আইএচআইৰ পৃষ্ঠপোষকতাত দীৰ্ঘদিনৰ পৰাই নকল ভাৰতীয় মুদ্ৰাৰ সৈতে জড়িত চক্ৰসমূহ দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো খোপনি পুতাৰ চেষ্টা অব্যাহত ৰখাটো সৰ্বজনবিদিত। এনে প্ৰেক্ষাপটত, জেএমবিকে ধৰি অইন বাংলাদেশী জেহাদী গোষ্ঠীসমূহে ন’কল ভাৰতীয় মুদ্ৰাৰ বেহাৰ সৈতে লিপ্ত নেকি সেই প্ৰশ্নৰ উদয় হৈছে। লগতে ৰাজ্যৰ ভাৰত–বাংলাদেশ সীমান্তত সক্ৰিয় গৰুৰ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰবোৰৰ সহযোগতেই সেই বাংলাদেশী জেহাদী গোষ্ঠীসমূহে সীমান্ত পাৰপাৰ কৰি থকাৰো সম্ভাৱনা নথকা নহয় বুলিও ভূৰখা মহলবোৰে আশংকা প্ৰকাশ কৰা পোৱা গৈছে আৰু বিষয়টোলৈ আৰক্ষীকে ধৰি সংশ্লিষ্ট বিভাগবোৰে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰাটো অতীৱ প্ৰয়োজনীয় বুলিয়েই বিবেচিত হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী