নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত সাত মাহ ধৰি আশ্ৰয় লৈ থকা বাংলাদেশীক আটক

🔹 মোটা অংকৰ ধনৰ বিনিময়ত যুৱকজনক আশ্ৰয় দিছিল খলিল ৰহমানে

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সটিমাৰী গাঁৱৰ পৰা এজন বাংলাদেশী যুৱকক আৰক্ষীয়ে আটক কৰে। মানকাচৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক হীৰেন বংৰুংৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি কালি সটিমাৰী গাঁৱৰ খলিল ৰহমান নামৰ লোক এজনৰ ঘৰত অভিযান চলায়। অভিযান কালত খলিল ৰহমানৰ ঘৰত সাত মাহ ধৰি আশ্ৰয় লৈ থকা বাংলাদেশী যুৱক এজনক আটক কৰাৰ লগতে বাংলাদেশী যুৱকজনৰ আশ্ৰয়দাতা খলিল ৰহমানকো আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে। লক্ষণীয় যে প্ৰায় সাত মাহ আগতে ভাৰত-বাংলাদেশ সীমান্তৰ মেঘালয় সীমান্তদি বাংলাদেশৰ শেৰপুৰ জিলাৰ শ্ৰীবৰ্দি আৰক্ষী থানাৰ অন্তৰ্গত ভেলুৱা গাঁৱৰ মঞ্জুৰুল হাছানৰ পুত্ৰ ওছামা বিন হাছান সাজিব নামৰ ২২ বছৰীয়া যুৱকজনে অসমত প্ৰৱেশ কৰিছিল। পিছত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সটিমাৰী গাঁৱৰ খলিল ৰহমানে মোটা অংকৰ ধনৰ বিনিময়ত বাংলাদেশী যুৱকজনক আশ্ৰয় দিয়ে। যোৱা সাত মাহ ধৰি বাংলাদেশী যুৱকজনে ৰহস্যজনকভাৱে ভাৰত-বাংলাদেশ সীমান্তত আশ্ৰয় লৈ কি কৰি আছিল, এই সন্দৰ্ভত আৰক্ষীয়ে নিশালৈকে মাৰাথন জেৰা অব্যাহত ৰাখে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like