🔹 পশ্চিমবংগৰ পৰা অনা গো-মাংসসহ আটক তুফানগঞ্জৰ নাজমাল মিঞা
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ জুলাই : শেহতীয়াকৈ বিশেষ কোনো চক্ৰই চুবুৰীয়া পশ্চিমবংগৰ পৰা ধুবুৰী জিলালৈ সৰবৰাহ কৰিবলৈ লৈছে গো-মাংস। বিভিন্ন মহলৰ সেই সন্দেহ সত্যত পৰিণত কৰি আজি জিলাখনৰ বালাজানৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন স্কুটীৰ পৰা বৃহৎ পৰিমাণৰ গো-মাংস উদ্ধাৰ কৰে আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, জিলাখনৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাজান আৰক্ষী চকীৰ এটা দলে অঞ্চলটোৰ ৰাজপথেৰে পশ্চিমবংগৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা এখন স্কুটীক ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু পশ্চিমবংগৰ নম্বৰ প্লেটৰ স্কুটীৰ চালকজনে আৰক্ষীৰ নিৰ্দেশ নামানি পলাবলৈ চেষ্টা কৰে। তেতিয়া আৰক্ষীৰ দলটোৱে খেদি খেদি গৈ স্কুটীখন জব্দ কৰি তালাচী চলাওঁতে উৰহী গছৰ ওৰ ওলায় আৰু স্কুটীখনৰ ডিকিৰ পৰা প্ৰায় ৩০ কেজি গো-মাংস উদ্ধাৰ হয়। বৰ্তমানে আৰক্ষীয়ে পশ্চিমবংগৰ তুফানগঞ্জৰ নাজমাল মিঞা নামৰ স্কুটীৰ চালকজনক আটক কৰি সোধা-পোছা চলাই থকা বুলি প্ৰকাশ।