নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পিং গ্ৰাউণ্ডত পৰিণত বৰবৰুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : ডাম্পিং গ্ৰাউণ্ডত পৰিণত ডিব্ৰুগড়ৰ বৰবৰুৱাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযান। ইয়াকে লৈ সৰ্বত্ৰে ব্যাপক চৰ্চা লভিছে। ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰবৰুৱাৰ পৰা জামিৰা তিনিআলিলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া পৰিণত হৈছে ডাম্পিং গ্ৰাউণ্ডত। বৰবৰুৱাৰ পৰা জামিৰা তিনিআলিলৈকে প্ৰায় তিনি কিলোমিটাৰ পৰ্যন্ত পথছোৱাৰ দুয়োকাষে বিভিন্ন ধৰণৰ জাবৰ-জোঁথৰেৰে ভৰি কদৰ্যময় আৰু দুৰ্গন্ধময় অৱস্থাৰ সৃষ্টি হৈছে। ফলত দুৰ্গন্ধময় অৱস্থাৰে অস্বাস্থ‍্যকৰ পৰিৱেশৰ মাজেৰে যাত্ৰীসকলে যাতায়াত কৰিবলগীয়া হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বৰবৰুৱা বজাৰৰ কিছুসংখ্যক অসাধু ব‍্যৱসায়ীয়ে আন্ধাৰৰ সুযোগ লৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সেই স্থানতে নিতৌ জাবৰ পেলাই প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি আহিছে। কিন্তু সেই ক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা নিচেই কাষতে থকা বৰবৰুৱা থানাৰ আৰক্ষীৰ। দেখিও নেদেখাৰ ভাওত ডিব্ৰুগড় পৌৰসভাৰ লগতে বৰবৰুৱা উন্নয়ন খণ্ডৰ। ফলত এতিয়া যাত্ৰীসকলে নাক কোঁচাই অতি দুৰ্গন্ধময় পৰিৱেশৰ মাজেৰে যাতায়াত কৰিবলগীয়া হৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে। যাৰ ফলত বিভিন্ন বীজাণুৰ অভিকেন্দ্ৰস্বৰূপ হোৱাৰ দিশে বৰবৰুৱাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। উল্লেখযোগ্য যে সেই স্থানতে অৱস্থিত লেপেটকটাস্থিত ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ উদ‍্যোগ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডেৰ আৱাসিক নগৰী। কিন্তু এই  ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডেৰ ফালৰ পৰাও কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰ ফলত এতিয়া ধোঁৱাচাঙত স্বচ্ছ ভাৰত অভিযানৰ শ্ল’গান। এতিয়া পৰিৱেশ বিনষ্ট কৰা এনেধৰণৰ অসাধু ব‍্যৱসায়ীৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় পুলিচ প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় ৰাইজে।

 

প্ৰেৰক বিভাষ দুৱৰা

You might also like