নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াৰ বিপক্ষে ভাৰতৰ টি–২০ দল

🔹  দর্শনীয় প্রদর্শন সত্ত্বেও স্থান লাভৰ পৰা বঞ্চিত ৰিয়ান পৰাগ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : ২৩ নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত অনুষ্ঠিত হ’ব পাঁচখনীয়া টি–২০ শৃংখলা৷ বিশাখাপট্টনমত অনুষ্ঠিত হ’ব প্রথমখন মেচ৷ এই শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে৷ দলটোক নেতৃত্ব দিব সূর্য কুমাৰ যাদৱে৷ সহঃঅধিনায়কৰ দায়িত্ব লাভ কৰিছে ঋতুৰাজ গাইকোৱাডে৷ শ্রেয়াছ আয়াৰে সহঃঅধিনায়ক হিচাপে অন্তিম দুখন মেচত দলৰ সৈতে যোগ দিব৷ ঘোষিত দলটো– সূর্য কুমাৰ যাদৱ, ঋতুৰাজ গাইকোৱাড, ঈশান কিষণ, যশস্বী জয়ছোৱাল, তিলক বার্মা, ৰিংকু সিং, জিতেশ শর্মা, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, শিৱম ডুবে, ৰবি বিষ্ণয়, অর্শদীপ সিং, প্রসিদ্ধ কৃষ্ণ, আবেজ খান আৰু মুকেশ কুমাৰ৷ উল্লেখ্য যে এই শৃংখলাত অসমৰ ৰিয়ান পৰাগে দলত স্থান লাভ কৰাৰ আশা কৰা হৈছিল যদিও তেওঁ দলত স্থান নাপালে৷ সদ্যসমাপ্ত মুস্তাক আলী ক্রিকেটত দর্শনীয় প্রদর্শন দাঙি ধৰাৰ বাবে তেওঁ ভাৰতীয় দলত স্থান লাভৰ দাবীদাৰ আছিল৷

You might also like