নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেৰানেপেৰা বৰষুণত জলমগ্ন বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৫ জুন : দুদিনমান ধৰি আহি থকা নেৰানেপেৰা বৰষুণে ভীষণ সমস্যা কঢ়িয়াই আনিছে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ। প্ৰতিবছৰে বৰষুণৰ পানীত ডুব যোৱা বিদ্যালয়খনৰ এইবাৰো যেন ব্যতিক্ৰম নহ’ল। ১৯৪৪ চনতে স্থাপিত বিদ্যালয়খনৰ পুনৰ নিৰ্মানৰ সুব্যৱস্থা নকৰাৰ ফলত তাৰ দুৰ্ভোগ ভুগিব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে। বৰষুণৰ পানীৰ বাবে বিদ্যালয়খনৰ কেইবাটাও শ্ৰেণীকোঠা, পৰীক্ষা নিয়ন্ত্ৰণ কক্ষ, অধ্যক্ষৰ কাৰ্যালয়, সহায়কৰ কাৰ্যালয়ৰ ভিতৰত একাঁঠু পৰ্যন্ত পানী হৈছে৷ যাৰ বাবে কাৰ্যালয়ৰ কোনো কাম আগবঢ়া নাই । এইবছৰৰ এইয়া মাত্ৰ আৰম্ভণিহে। বাৰিষাৰ সময়খিনিতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে যমৰ যাতনা ভোগ কৰিব লগা হয়। জিলাখনৰ ভিতৰতে আগশাৰীৰ আৰু পুৰণি বিদ্যালয়খনৰ এনে অৱস্থা হোৱাতো কোনেও সহজভাৱে মানি লব পৰা নাই । যোৱা বছৰো বিদ্যালয়খনৰ একে অৱস্থা হোৱাত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে নিশা ৮ বজাত একাঁঠু পানীত বিদ্যালয়খন পৰিদৰ্শন কৰি বিদ্যালয়খনৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল যদিও সেই আশ্বাস ফুটুকাৰ ফেন হৈ ৰ’ল। তাৎপৰ্যপূৰ্ণভাৱে বিটিআৰৰ পৰা তামুলপুৰ, শালবাৰী আৰু ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আঠ কোটি টকাকৈ অনুদান আগবঢ়ালে কিন্তু  বিভিন্ন সমস্যাৰে ভাৰক্ৰান্ত বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত কেনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । আওপুৰণি বিদ্যালয় গৃহ পুনৰ নিৰ্মাণ নকৰা আৰু ৩১ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি অহা পানী ওলাই যোৱাৰ বাবে বিজ্ঞান সন্মত নলা নথকাৰ পৰিপ্ৰেক্ষিততে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে লেতেৰা পানী গচকি বিদ্যালয়লৈ আহ-যাব কৰিব লগা হৈছে। আজি বিদ্যালয়খনত একাঁঠু পানী হোৱাত বিদ্যালয়খনত পূৰ্বৰ দৰে এইবাৰো আহি পৰিস্থিতিৰ বুজ লয় বৰমা ৰাজহ চক্ৰ বিষয়া আৰু জল সম্পদ বিভাগৰো বিষয়াই। কিন্তু দুদিন পিছত সকলো পাহৰি যায়। আজি বৰমাৰ স্থানীয় সংগঠনসমূহ উপস্থিত হৈ অতি শীঘ্ৰে বিদ্যালয়খনৰ সমস্যা সমাধান কৰাৰ বাবে বিটিআৰ কৰ্তৃপক্ষক আহ্বান জনাইছে ।
প্ৰেৰক পংকিল বৰ্মন
You might also like