নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া বেডমিণ্টনত স্বৰ্ণপদক শিৱসাগৰৰ বৰ্ণিলৰ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰি শিৱসাগৰৰ লগতে অসম তথা ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে শিৱসাগৰৰ সন্তান বৰ্ণিল আকাশ চাংমায়ে। যোৱা ১৭ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ চীনৰ চাংডুত অনুষ্ঠিত বেডমিণ্টন এচিয়া প্ৰতিযোগিতাত ১৫ বছৰ অনুৰ্ধৰ শাখাত জয়ী হয় বৰ্ণিল। এই খৱৰে স্বাভাৱিকতে গৃহ জিলা শিৱসাগৰত এক আনন্দমুখৰ পৰিৱেশৰ সূচনা কৰে।আজি চীনৰ পৰা শিৱসাগৰ নগৰৰ কৃষ্ণ নগৰ বাসভৱনত উপস্থিত হোৱাৰ লগে লগে এক উৎসৱৰ পৰিৱেশ দেখা যায়। ঢোলে-ডগৰে বিভিন্ন দল-সংগঠন তথা ক্ৰীড়া অনুষ্ঠান সমূহে বৰ্ণিলৰ লগতে পিতৃ ভূপেন চাংমাই আৰু মাতৃ আকাশ জ্যোতি ফুকনক অভিনন্দন জ্ঞাপন কৰে। এচিয়া বেডমিণ্টন প্ৰতিযোগিতাৰ ১৫ বছৰ অনুৰ্ধৰ শাখাত বৰ্ণিলে ২২ অক্টোবৰত অনুষ্ঠিত ফাইনেলত চীন দেশৰে শক্তিশালী প্ৰতিদ্বন্দী ফান হং চুৱানক ২১-১৯ আৰু ২১-১৩ পোনপটীয়া গেমত পৰাজিত কৰে। উল্লেখযোগ্য যে এই আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত বৰ্ণিলৰ ওপৰিও শিৱসাগৰৰ শান্তিপ্ৰিয়া হাজৰিকাই একক আৰু মিক্স ডাবোলচ শাখাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল।শিৱসাগৰ নগৰৰ অএনজিচিৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বৰ্ণিলে আজি শিৱসাগৰত উপস্থিত হৈ নিজ প্ৰশিক্ষণ কেন্দ্ৰ শিৱসাগৰ ছোৱালী কলেজৰ সংস্কৃতি বেডমিণ্টন একাডেমীৰ সমূহ প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী প্ৰতিযোগিতা সমূহৰ বাবে কঠোৰ অনুশীলন আগবঢ়াই নিব বুলি অৱগত কৰে। অলিম্পিকৰ বাবে নিজকে গঢ়িবলৈ চেষ্টা কৰি থকা বৰ্ণিলে এনে ফলাফলৰ বাবে বৰ্ণিলৰ মুখ্য প্ৰশিক্ষক তথা ভাৰতৰ জুনিয়ৰ দলৰ প্ৰশিক্ষক কবিৰ বৰাৰ লগতে সহ প্ৰশিক্ষক মৌচুম বৰগোঁহাই, উনীল কুমাৰ, ললিত শৰ্মা, চানু বৰুৱা, লিটুল ৰাজখোৱা আৰু পাৰ্থ দত্তক ধন্যবাদ জনাই তেওঁলোকৰ অৰিহণাক স্বীকাৰ কৰে।ইতিমধ্যে প্ৰশিক্ষক বৰাৰ তত্বাৱধানত বহু কেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদক জয় কৰা বৰ্ণিল বৰ্তমান তেওঁৰ শাখাত ভাৰতৰ এক নম্বৰ খেলুৱৈ। চাংডুৰ এই ফলাফলৰ পাছত বৰ্ণিল ১৫ বছৰ অনুৰ্ধৰ শাখাত বিশ্বৰ এক নং খেলুৱৈ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰশিক্ষক কবিৰ বৰাই জানিব দিয়ে।দহ বছৰ বিৰতিৰ পাছত ভাৰতৰ হৈ বৰ্ণিলে লাভ কৰা সফলতাৰ আঁৰত ভাৰত তথা অসম বেডমিণ্টন সন্থাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অৱদানক সোঁৱৰণ কৰে প্ৰশিক্ষক বৰাই। কিয়নো বিশ্ব প্ৰতিযোগিতাৰ আগত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিৱিৰ এইবাৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত গুৱাহাটীৰ নেচনেল চেণ্টাৰ অৱ এক্সিলেঞ্চত অনুষ্ঠিত হৈছিল।যাৰ বাবে অসমৰ দুয়োগৰাকী খেলুৱৈ উপকৃত হয় বুলি তেওঁ সদৰী কৰে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like