নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ মাৰ্চৰ পৰা বৰপেটা আইন মহাবিদ্যালয়ৰ  সোণালী জয়ন্তী

মুখ্য অতিথি ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

বাৰ্তা ব্যুৰো, বৰপেটা, ৪ মাৰ্চ : নামনি অসমৰ আইন শিক্ষাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান বৰপেটা আইন মহাবিদ্যালয়ে গৌৰৱোজ্বল ৫০ বছৰ অতিক্ৰম কৰি চলিত মাহৰ ৮ তাৰিখৰ পৰা ১০ তাৰিখলৈ সোণালী জয়ন্তী উদযাপন কৰিব৷ সোণালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ অন্তিম দিনা ১০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই৷ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত বিয়লি ২ বজাত  অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে ন্যায় আৰু আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি আৰু অৰুণ দেৱ চৌধুৰী, বাৰ কাউঞ্চিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ অপূৰ্ব কুমাৰ শৰ্মা, জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কিৰণ চন্দ্ৰ বায়নে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই৷ মুকলি সভাখন উদ্বোধন কৰিব বিজেপি বৰপেটা জিলা সমিতিৰ সভাপতি অনিল কুমাৰ দাসে ৷ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে থাকিব বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গৰ্গ, সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক কুমাৰ দাস আৰু ভৱানীপুৰৰ প্ৰাক্তন বিধায়ক ডঃ মনোৰঞ্জন দাসে ৷ সন্ধিয়া ৫ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব সৰুক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাসে৷ বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰীয়ে আৰু অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব সংগীত নাটক অকাডেমী বঁটা প্ৰাপক গুণীন্দ্ৰ নাথ ওজাই৷ সিদিনাই পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব কৃষি বিভাগৰ সচিব তেজ প্ৰসাদ ভূচালে৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ৮ মাৰ্চৰ পুৱা বৰপেটা আইন মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ প্ৰতাপ চন্দ্ৰ দাসে, সোণালী জয়ন্তী উদযাপনৰ পতাকা উত্তোলন কৰিব সভাপতি গুনীন্দ্ৰ নাথ দাসে আৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰিব বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাহুল সূত্ৰধাৰে৷ বন্তি প্ৰজ্বলন কৰিব  সোণালী জয়ন্তী উদযাপনৰ সম্পাদক প্ৰদীপ কুমাৰ দাসে ৷ শ্বহীদ বেদীত মাল্যাৰ্পণ কৰিব মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বাৰীন্দ্ৰ ভূঞাই৷ গছপুলি ৰোপন কৰিব মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ প্ৰাক্তন ছাত্ৰ আতাউৰ ৰহমানে৷ মুখ্য তোৰণ উদ্বোধন কৰিববিশিষ্ট সাহিত্যিক  অক্ষয় কিমাৰ মিশ্ৰই৷ পুৱা ১০.৩০ বজাত  অনুষ্ঠিত হবলগীয়া আন্তৰ্জাতিক নাৰী দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নব নিযুক্ত আৰক্ষী অধীক্ষক পংকজ যাদৱে আৰু আলোচক হিচাপে অংশ গ্ৰহণ কৰিব বজালী মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ বিনীতা বৰা দেৱ চৌধুৰীয়ে৷ সন্ধিয়া প্ৰথম দিনৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বৰপেটা পৌৰসভাৰ পৌৰপতি চবিলাল দাসে ৷ দ্বিতীয় দিনা পুৱা মহাবিদ্যালয়ৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা, ন-পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত হব ৷ বিয়লি ২ বজাত “জনসাধাৰণক  স্থাৱৰ সম্পত্তিৰ হস্তান্তৰ কৰাৰ ক্ষেত্ৰত  লবলগীয়া উপযুক্ত পদ্ধতি সম্পৰ্কে অৱগত কৰাত অধিবক্তাৰ ভূমিকা” শীৰ্ষক আলোচনা চক্ৰখন উদ্বোধন কৰিব প্ৰাক্তন শিক্ষা মন্ত্ৰী তথা অধিবক্তা এম ইব্ৰাহিম আলীয়ে ৷সদৌ অসম উকীল সন্থাৰ সভাপতি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ডেভিদ লেজাৰে সঞ্চালনা কৰিবলগীয়া আলোচনা চক্ৰখনত আলোচক হিচাপে উপস্থিত থাকিব বাৰ কাউঞ্চিল অৱ অসমৰ অধ্যক্ষ চিন্ময় চৌধুৰীয়ে৷ দ্বিতীয় দিনৰ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰিব বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like