নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁও গুৰুকুল নেচনেল স্কুলত শংকৰদেৱৰ তিৰোভাৱ তিথি

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি অন্যান্য ঠাইৰ লগতে বাসুগাঁও গুৰুকুল নেচনেল স্কুলতো পালন কৰা হয় ।  পুৱা আৰম্ভণিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিৰ সম্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে স্কুলৰ অধ্যক্ষ বিজিত নাথে । একশৰণ নামধৰ্মৰ জৰিয়তে সমাজ সংস্কাৰৰ লগতে বৰ অসম প্ৰতিষ্ঠাৰ সপোন দেখিছিল বুলি উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণ-গৰিমাৰ ওপৰত চমু বক্তব্য দাঙি ধৰে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি “শুন শুন ৰে শুন বৈৰী প্ৰণামা” শীৰ্ষক বৰগীতটি স্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰীসকলে পৰিৱেশন কৰে । অনুষ্ঠানটিত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী নিলাক্ষী ৰায়ে শংকৰ গুৰু আমাৰে, জগত গুৰু আমাৰে, লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে শীৰ্ষক বৰগীতত নৃত্য পৰিৱেশন কৰে । অনুষ্ঠানটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৱদানৰ ওপৰত কয় স্কুলৰ অসমীয়া বিভাগৰ সহকাৰী শিক্ষয়িত্ৰী পিজুমণি ৰায়ে । অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে বঙাইগাঁও নিৱাসী হেমন্ত কুমাৰ দাস । উল্লেখয্যোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত অনুষ্ঠিত মুকলি কুইজ প্ৰতিযোগিতাত ষষ্ঠ শ্ৰেণীৰ ছাত্র প্ৰসেনজিৎ দেৱনাথে প্ৰথম হয় । গোটেই অনুষ্ঠানটি সাৱলীলভাৱে পৰিচালনা কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী দিয়া পাঠক আৰু অস্মিতা মেধিয়ে। আনহাতে অনুষ্ঠানটিৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় সপ্তম শ্ৰেণীৰ ছাত্ৰী ধৃতিৰেখা ৰায়ে । বাসুগাঁও শ্ৰীমন্ত শংকৰদেৱ নামঘৰতো দিৱসটি পালন কৰা হয় ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like