নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্ৰেছ ক্লাবত ‘লোক সাহিত্য অউৰ সংস্কৃতি’ শীৰ্ষক গ্ৰন্থ উন্মোচন

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : আজি গুৱাহাটী প্ৰেছ ক্লাবত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰা হয় ‘লোক সাহিত্য অউৰ সংস্কৃতি’ শীৰ্ষক এখন হিন্দী ভাষাৰ গৱেষণামূলক প্ৰবন্ধ সংকলন। বিশিষ্ট লেখিকা, সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই উন্মোচন কৰা গ্ৰন্থখনৰ সম্পাদনা ড০ চন্দনা শৰ্মা আৰু পংখী সেনাপতিৰ । নেপাল তথা ভাৰতৰ অসম, ৰাজস্থান, কৰ্ণাটকসহ বিভিন্ন ৰাজ্যৰ লোক সাহিত্য আৰু লোক সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যৰে হিন্দী ভাষাত এই গ্ৰন্থখন সম্পাদনা কৰি উলিওৱা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অচ্যুত শৰ্মাই সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা তথা গ্ৰন্থাগাৰ অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড০ খগেন শৰ্মা, দিছপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ সঞ্জীৱ শৰ্মা, কটন মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ কুসুমকুঞ্জ মালাকাৰ আৰু ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ মন্ত্ৰী ড০ ক্ষীৰোদা কুমাৰ শইকীয়া । বিশিষ্ট নাট্যকাৰ-পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট লেখিকা ড০ ৰেণু দেৱী, ড০ নন্দিনী শৰ্মা, জেহেৰুল ইছলাম শিকদাৰ, পাপৰি বৰুৱা, জাকিৰ হুছেইন আদিৰ উপস্থিতিয়ে আজিৰ অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

You might also like