নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱাত যিটো ঘটনা সংগঠিত হৈছে তাৰ বাবে কাকোৱেই ৰেহাই দিয়া নহ’ব, অসমত থানা আক্ৰমণ কৰিবলৈ আৰু কাকো দিয়া নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ২২ মেঃ কালি দুষ্কৃতিকাৰীয়ে বটদ্ৰৱা আৰক্ষী নিৱেশ জ্বলাই দিয়াৰ সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ ওচৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই “বটদ্ৰৱাত যিটো ঘটনা সংগঠিত হৈছে তাৰ বাবে কাকোৱেই ৰেহাই দিয়া নহ’ব | এইখন চৰকাৰৰ দিনত আইন হাতত তুলি লবলৈ কাকো দিয়া নহ’ব, তাতোকৈ ডাঙৰ কথা বিশেষকৈ পুলিচৰ থানা আক্ৰমণ কৰা, থানা জ্বলাই দিয়া কোনোপধ্যেই মানি লোৱা নহ;ব |” মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিগত পাঁচ-ছয় বছৰে বিশেষকৈ বিগত এটা বছৰত অসম চৰকাৰে যি হাৰত ড্ৰাগচ মাফিয়াৰ বিৰুদ্ধে, ধৰ্ষণকাৰীৰ আৰু চোৰ ডকাইতৰ বিৰুদ্ধে যি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, যাক এক প্ৰকাৰৰ অহৰহ সংগ্ৰাম বুলিয়েই ক’ব পৰা যায়, তাৰ বাবে এই ধৰণৰ এচাম মানুহ খঙত থাকি তাৰ প্ৰতিক্ৰিয়া হিচাপেই বটদ্ৰৱাৰ দৰে ঘটনাৰ সংঘটিত কৰিছে | এনে ঘটনাৰ পুনৰ হ’বলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াক অতি কঠোৰ হাতেৰে দমন কৰা হ’ব | বিগত সময়খিনিত চৰকাৰৰ কঠোৰ নীতিৰ ফলত একপ্ৰকাৰে পলাই থকা চোৰ, ডকাইত, ড্ৰাগচ মাফিয়া, ড্ৰাগ সৰবৰাহকাৰী, গৰু চোৰ, ধৰ্ষণকাৰীয়ে সুবিধা বুজি এনেদৰে আৰক্ষী থানা আক্ৰমণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কঠোৰৰ পৰা কঠোৰ হাতেৰে এনে আক্ৰমণ দমন কৰা হ’ব বুলি উল্লেখ কৰে | এসময়ত অসমৰ কিছু অঞ্চলত আইন কানুন বুলি কোনো কথাই নাছিল, চোৰ ডকাইতৰে ৰাজত্ব আছিল আৰু বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ দিনত থানা আক্ৰমণ কৰাৰ ঘটনা নিত্য নৈমত্তিক ঘটনা আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত তেনে কথা হ’বই নোৱাৰে | কালিৰ বটদ্ৰৱাৰ থানা আক্ৰমণ কৰাৰ বিষয়ত এগৰাকী ব্যক্তিৰ আৰক্ষীৰ থানাত থকা অৱস্থাত মৃত্যু হোৱা বুলি অভিযোগ অনাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে আৰক্ষী অধীক্ষকে প্ৰথামিক তদন্তৰ অন্তত কোৱা অনুসৰি মদ খাই থানাৰ চৌহদত পৰি থকা মানুহ এজনক থানালৈ বচোৱাৰ বাবেহে লৈ অহা হৈছিল | পুৱা হঠাত স্ব্যাস্থ্যৰ অৱনতি হোৱাত চিকিত্সাৰ বাবে পঠিওৱাৰ ব্যৱস্থা কৰা হৈছিল | তথাপি যদি আৰক্ষীৰ আবেষ্টনীত থকা অৱস্থাত ব্যক্তিজনৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপিত হৈছে এই ক্ষেত্ৰত নিশ্চিতৰূপত তদন্ত হ’ব | কিন্তু আইন হাতত তুলি পূৰ্ব পৰিকল্পিতৰ দৰেই তেল ঢালি থানা এনেদৰে জ্বলাই দিয়া কাৰ্য কোনোমতে গ্ৰহণ কৰা নহয় বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে | উল্লেখযোগ্য যে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী হাজৰিকাই এনেদৰে থনা জ্বলাই দিয়াৰ দৰে ঘটনাৰ বাবে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লবলৈ জিলা আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে | আৰক্ষীক আক্ৰমণ কৰা অথবা থানা আক্ৰমণ কৰাৰ দৰে ঘটনাক কোনোমতেই গ্ৰহণ কৰা নহ’ব বুলি উল্লেখ কৰি আইন শৃংখলা ৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে |

You might also like