নগৰবেৰাত ভূমিক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত কুৰুক্ষেত্ৰ
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : নগৰবেৰা থানাৰ অন্তৰ্গত ২নং পলাহৰটাৰীত আজি এক ভূমিকেন্দ্ৰিক সংঘৰ্ষত মহিলাসহ দুজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি দীৰ্ঘদিনৰে পৰা এডোখৰ ভূমিক কেন্দ্ৰ কৰি ২নং পলাহৰটাৰীৰ জিয়াৰুল হক আৰু চৰৱত আলীৰ মাজত চলি আহিছিল সংঘাত। আজি পুৱা ভাগত চৰৱত আলীয়ে উক্ত বিবদমান মাটিত ট্ৰেক্টৰেৰে ভেটি বান্ধিবলৈ মাটি পেলাই থকা দেখি জিয়াৰুল হকৰ ভনী আঞ্জিৰা খাতুনে ট্ৰেক্টৰক সন্মুখত গৈ বাধা দিয়াক কেন্দ্ৰ কৰি আঞ্জিৰা খাতুন আৰু চৰৱত আলী, পত্নী কমেলা খাতুনৰ মাজত প্ৰথমে বাকবিতণ্ডা আৰু তাৰ পিছতেই আৰম্ভ হয় তৈয়াময়া ৰণ ৷ মাটিক কেন্দ্ৰ কৰি দুইপক্ষৰ মাজত সংঘটিত হোৱা এই ৰণত জিয়াৰুল হকৰ পক্ষৰ পুৰুষ মহিলাসহ দুজনকৈ লোক গুৰুতৰভাবে আহত হয়। পৰিয়াৰ লোকে জনোৱা মতে, চৰৱত আলীৰ নেতৃত্বত পত্নী কমেলা খাতুন, কন্যা চাহেৰা খাতুন আদি কৰি তিনিও মিলি আঞ্জিৰা খাতুন আৰু খুড়ায়েক তাহেৰ আলীক লাঠি-টাঙোনেৰে কোবাই অতি সংকটজনক অৱস্থাত পেলাই থয়। পিছত স্হানীয় একাংশই মিলি গুৰুতৰভাবে আহত হোৱা আঞ্জিৰা খাতুন আৰু তাহেৰ আলীক ততাতৈয়াকৈ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে৷ ঘটনা সন্দৰ্ভত ইতিমধ্যেই চৰৱত আলী পক্ষৰ বিৰুদ্ধে ন্যায় বিচাৰি নগৰবেৰা থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। এই কুৰুক্ষেত্ৰক লৈ নগৰবেৰাৰ পলাহৰটাৰীত তীব্ৰ উত্তেজনা বিয়পে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস