এছিয়া কাপলৈ ভাৰতীয় দল ঘোষণা বিচিচিআইৰ
বিশেষ বাৰ্তা, ২১ আগষ্টঃ এছিয়ান ক্ৰিকেটৰ মহাযুদ্ধ অৰ্থাৎ এছিয়া কাপৰ মহাযুদ্ধ ৩০ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ বাবে বিচিচিআয়ে ঘোষণা কৰিছে টীম ইণ্ডিয়াৰ দলটো। বিচিচিআয়ে মাত্ৰ ২০২৩ এছিয়া কাপৰ বাবে ১৭ জনীয়া দল বাছনি কৰিছে। ছিনিয়ৰ লেগ স্পীনাৰ যুজবেন্দ্ৰ চাহাল, উইকেট কীপাৰ বেটছমেন সঞ্জু চেমছন আৰু বেগী বলাৰ উমৰান মালিকক ২০২৩ এছিয়া কাপৰ বাবে ভাৰতৰ ১৭জনীয়া দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই। অৱশ্যে বেক আপ উইকেটকীপাৰ হিচাপে দলৰ সৈতে জড়িত হ’ব সঞ্জু ছেমছন। ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়ালৈ উভতি আহিছে উইকেট কীপাৰ বেটছমেন কে এল ৰাহুল আৰু শ্ৰেয়াছ আয়াৰ। আচলতে কে এল ৰাহুল আৰু শ্ৰেয়াছ আয়েৰে আঘাতৰ সৈতে যুঁজি আছিল। কিন্তু এতিয়া দুয়োজন খেলুৱৈ সম্পূৰ্ণ ফিট হৈ পৰিছে। কে এল ৰাহুলক শেষবাৰৰ বাবে খেলপথাৰত দেখা গৈছিল আই পি এল ২০২৩ ছিজনত। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে আঘাতপ্ৰাপ্ত হৈছিল কে এল ৰাহুল। ইয়াৰ পিছত তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনত খেলিব নোৱাৰিলে। অৱশ্যে কে এল ৰাহুল আৰু শ্ৰেয়াছ আয়াৰ উভতি অহাৰ লগে লগে টীম ইণ্ডিয়াৰ মিডল অৰ্ডাৰ অতি শক্তিশালী দেখা গৈছে। ২০২৩ এছিয়া কাপৰ বাবে ভাৰতৰ ১৭জনীয়া দলটো- ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), সূৰ্য্যকুমাৰ যাদৱ, তিলক বাৰ্মা, ঈশান কিষাণ (ৰিজাৰ্ভ উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা , অক্ষৰ পেটেল, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ চিৰাজ, কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণ। ২০২৩ চনৰ এছিয়া কাপ ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব। প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল পাকিস্তান আৰু নেপালৰ মাজত অনুষ্ঠিত হ’ব। একে সময়তে ২০২৩ৰ এছিয়া কাপৰ প্ৰথমখন মেচ ২ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে খেলিব টীম ইণ্ডিয়াই। একে সময়তে ১৭ ছেপ্টেম্বৰত এছিয়া কাপৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব।