নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান! ঔষধ যোগানৰ নামত হেকাৰৰ প্ৰৱঞ্চনাৰ জাল, এছ বি আইৰ সকীয়নি

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ভাৰতে ক’ৰোনাৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজ দিয়াৰ সময়তে প্ৰৱঞ্চকে পাতিছে জাল। নতুন উপায়েৰে সাধাৰণ লোকক ফান্দত পেলোৱা এই প্ৰৱঞ্চকৰ দলে কেতিয়াবা জীৱন ৰক্ষাকাৰী ঔষধ যোগান ধৰাৰ বাবে কল কৰাৰ লগতে কেতিয়াবা হোৱাটছএপৰ জৰিয়তে লিংক প্ৰেৰণ কৰিছে।

ফলত এই ফান্দত ভৰি দিয়া সাধাৰণ মানুহে হেৰুৱাব লগা হৈছে জমাধন। ষ্টেট বেঙ্ক অৱ ইণ্ডিয়াই ইয়াৰ গ্ৰাহকসকলক বাৰে বাৰে সতৰ্ক কৰি আহিছে এই বিষয়ে। বেংকটোৱে সতৰ্ক কৰি দিছে যে যদি কোনোবাই বাৰে বাৰে ঔষধ বিক্ৰী কৰিবলৈ ফোন কৰে, তেন্তে প্ৰথমে ইয়াৰ সত্যাসত্য নিৰূপণ কৰক আৰু তাৰ পিছতহে ধন পৰিশোধ কৰক।

কিন্তু যিমান সম্ভৱ এই ধৰণৰ ফোনৰ পৰা আঁতৰি থাকক। উল্লেখ্য, প্ৰৱঞ্চকসকলে ডেবিট বা ক্ৰেডিট কাৰ্ডৰ বিৱৰণ সংগ্ৰহ কৰি আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰাৰ লক্ষ্যৰে এক পৃথক ফান্দ পাতিছে। হেকাৰসকলে আমাজন প্ৰাইম ভিডিঅ’ বা নেটফ্লিক্সৰ দৰে ভিডিঅ’ ষ্ট্ৰীমিং সেৱাৰ লিংক প্ৰেৰণ কৰিছে।

য’ত কোৱা হৈছে যে এই লিংকবোৰৰ জৰিয়তে বিনামূলীয়া ভিডিঅ’ ষ্ট্ৰীমিং সেৱা লাভ কৰিব। এই লিংকত ক্লিক কৰাৰ পিছত গ্ৰাহকৰ ব্যক্তিগত তথ্য তথা বেংকিং বিৱৰণো প্ৰৱঞ্চকসকলে চুৰ কৰিব পাৰে।

You might also like