নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱনৰ জয়গানঃ দেহত ক’ভিড ভাইৰাছ লৈও মেলিলে নতুন জীৱনৰ পাতনি

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ দেশৰ চাৰিওফালে ক’ভিড কেৱল ক’ভিড। ভাৰতৰ ক’ভিডক লৈ আন্তঃৰাষ্ট্ৰীয় স্তৰতো উদ্বিগ্নতা দেখা গৈছে। কিন্তু ক’ভিডৰ আতংকৰ দিনতো এহাল যুৱক-যুৱতীয়ে ৰোপণ কৰিলে আশাৰ বীজ।

হয় মধ্যপ্ৰদেশৰ ৰটলামত পিপিই কিট পৰিধান কৰি ইজনে-সিজনক পিন্ধাই সংসাৰৰ মালা। কালি সম্পন্ন হয় তেওঁলেকৰ বিবাহ। এপ্ৰিলৰ ১৯ তাৰিখে দৰাগৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ পিছত ২৬ তাৰিখৰ নিৰ্ধাৰিত দিনৰ বিবাহৰ ক্ষেত্ৰত আহি পৰে অনিশ্চয়তা।

শেষত স্থানীয় প্ৰশাসনৰ অনুমতি লৈ উক্ত দিনতে আবদ্ধ হয় বিবাহপাশত। ৰটলামৰ উক্ত বিবাহ অনুষ্ঠানত মাত্ৰ দুয়োটা পৰিয়ালৰ সদস্য আৰু আৰক্ষী উপস্থিত থাকে। বিয়াখনৰ বিষয়ে সংবাদ সংস্থা এএনআইৰ সৈতে কথা পাতি ৰটলামৰ এগৰাকী প্ৰশাসনিক বিষয়া নবীন গাৰ্গে কয়, “দৰাৰ ১৯ এপ্ৰিলত ক’ভিড পৰীক্ষা ইতিবাচক হোৱাত আমি বিয়াখন বন্ধ কৰিবলৈ ইয়ালৈ আহিছিলোঁ যদিও পৰিয়ালৰ অনুৰোধ আৰু জ্যেষ্ঠ বিষয়াসকলৰ নিৰ্দেশনাত বিয়াখন সম্পন্ন কৰা হয়। দম্পতীটোৱে পিপিই কিট পিন্ধিছিল যাতে সংক্ৰমণ বিয়পি নাযায়।”

উল্লেখ্য, মধ্য প্ৰদেশতো ক’ৰোনাৰ দ্ৰুত সংক্ৰমণ দেখা গৈছে। এনে অৱস্থাত একপ্ৰকাৰ আতংকময় পৰিৱেশ বিৰাজ কৰিছে। কিন্তু দেহত ক’ভিড ভাইৰাছ লৈও নতুন জীৱনৰ পাতনি মেলা কথাটোৱে সকলোৰে মাজত ভয়মুক্ত হৈ আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে।

You might also like