নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ শিৱসাগৰত সম্প্ৰতি ভয়ংকৰ ৰূপত শিপাবলৈ ধৰিছে চাইবাৰ অপৰাধীয়ে ৷ অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ ৰূধিবলৈ ন ন প্ৰতিৰোধমুলক প্ৰযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ মাজতেই শিৱসাগৰত সুন্দৰী যুৱতীৰ বেশেৰে পেলোৱা জালত জিলাখনৰ শ শ যুৱক সৰ্বস্ৰান্ত হোৱাৰ বিস্ফোৰক খবৰে এতিয়া তোলপাৰ লগাইছে জিলাখনত৷ আন নালাগে পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ উঠিছে যে, মুখ লজ্জা ঢ়াকিবৰ বাবে বহুকেইজন ভুক্তভোগী যুৱকে পৰিয়ালৰ পৰা আতৰি মবাইলৰ চুইচ অফ কৰি আত্মগোপনৰ কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিশেষকৈ অপৰাধী চক্ৰটোৱে বাংগালোৰ আৰক্ষীৰ শীৰ্ষ বিষয়া বুলি চিনাকি দি এনে ভুক্তভোগী যুৱকক তাৎক্ষনিক ভাৱে দাবীকৃত ধন আদায় নিদিলে নিজ গৃহৰ পৰা অসম পুলিচৰ সহায়ত গ্ৰেপ্তাৰ কৰিম বুলি ভাবুকি দিয়াৰো ভয়ংকৰ অভিযোগ সম্প্ৰতি পোহৰলৈ আহিছে ৷ প্ৰাপ্ত বাতৰি মতে ফেচবুকৰ লগতে কেইটামান বিশেষ নম্বৰৰ পৰা বিভিন্নজন যুৱক আৰু আদহীয়া ব্যক্তিলৈ প্ৰথমতে চিনাকী হোৱাৰ আচিলাৰে মাত্ৰ কেইটামান ঘন্টাৰ পিছতেই গভীৰ বন্ধুত্বৰ পৰিচয় দিয়ে ৷ ফেচবুক, ৱাটচ এপৰ প্ৰফাইল – ডি পিত সুন্দৰ ফটো লগাই থোৱা এই হিন্দীভাষী চলনাময়ী যুৱতী কেইগৰাকীয়ে সঘনাই দুপৰ নিশা মৌ- মিঠা কন্ঠৰে বিভিন্ন জনক নিজৰ জালত বন্দী কৰি পৰৱৰ্তী সময়ত সাময়িক দুৰ্বলতাৰ সুযোগ লৈ ভিডিঅ কলিঙৰ দ্বাৰা কথা পতাৰ প্ৰস্তাৱ দিয়ে ৷ ক্ৰমাত গভীৰতাৰ পৰা গভীৰতালৈ প্ৰস্তাৱ দিয়াৰ সময়তেই যুৱকৰ অসতৰ্ক মুহুত্বৰ সুযোগ লৈ ভিডিঅ কলিঙত যুৱকৰ নগ্ন-আপত্তিজনক ফটো আৱদ্ধ কৰে ৷ অভিযোগ অনুসৰি শেহতীয়াকৈ সোমাবাৰৰ দুপৰীয়া চহৰৰ সমীপৰ এগৰাকী পেচাদাৰী গাড়ীৰ চালকলৈ ৭০১৪৬৫৯৩৩০ নম্বৰৰ পৰা কিচান নামৰ এগৰাকী যুৱতীয়ে দীৰ্ঘ সময় বহু চলাহী কথাৰে প্ৰেমত পেলাই অৱশেষত ভিডিঅ কলিঙৰ সহায়ত আৱদ্ধ কৰিছিল যুৱক জনৰ নগ্ন ফটো ৷ লক্ষণীয় ভাৱে এই গৰাকী চলনাময়ী যুৱতীয়ে ৮০০০৮৬৩১৬৪ নম্বৰটোৰ পৰাও যুৱক জনলৈ ফোন কৰিছিল ৷ ইফালে দুয়োটা নাম্বাৰৰ পৰা যুৱক জনৰ সৈতে সন্দেহজনক যুৱতী গৰাকীয়ে কথা বতৰাৰ লগতে ভিডিঅ কলিঙত আৱদ্ধ কৰা দৃশ্য সমুহ সামাজিক মাধ্যমত ৰাজহুৱা কৰাৰ ভাবুকিৰে নগদ ধন আদায় দিয়াৰ ভাবুকি প্ৰদাণ কৰে ভূক্তভোগী যুৱকজনক৷কিন্তু যুৱক গৰাকীয়ে ধন আদায় নিদিও বুলি স্পষ্ট কৰি দিয়াৰ কিছু সময়ৰ পিছতেই যুৱকজনৰ মবাইললৈ ৯০২৪৪ ২৯২১৫ নম্বৰটোৰ পৰা এটা ফোন আহে ৷নিজকে বাংগালোৰ চহৰৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া গৌৰৱ মালহোত্ৰা বুলি চিনাকী দিয়া আৰক্ষী বিষয়া গৰাকীয়ে যুৱক জনক তেওৰ বিৰুদ্ধে বাংগালোৰত এটা গোচৰ পঞ্জীয়ন কৰাৰ কথা জনাই ৷ এগৰাকী কিচান নামৰ যুৱতীয়ে এই গোচৰ পঞ্জীয়ন কৰিছে বুলি জনোৱাৰ লগতে যুৱতী গৰাকীয়ে কিছু সময়ৰ পুৰ্বে সংগ্ৰহ কৰা ভিডিঅ কেইটা যুৱকজনলৈ প্ৰেৰণ কৰে গৌৰৱ মালহোত্ৰা নামৰ আৰক্ষী বিষয়া বুলি চিনাকি দিয়া ব্যক্তি গৰাকীয়ে৷অন্যহাতেদি যদিহে অসম পুলিচৰ সহায়ত ঘৰৰ পৰাই জামিন বিহীন গোচৰত এৰেষ্ট কৰিব নালাগে তেন্তে দাবীকৃৰ্ত ধন ফোন পে অথবা গুগল পে যোগে আজিৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ দিয়ে ভূক্তভোগী চালক গৰাকীক ৷ইয়াৰ অন্যথাই গ্ৰেপ্তাৰৰ বাবে সাজু হবলৈ নিৰ্দেশ দিয়ে ৷অনুৰূপ ধৰণে কিচান নামৰ যুৱতী গৰাকীয়েও ধন আদায় নিদিলে সেই আপত্তিজনক ভিডিঅ ফেচবুকত আজি নিশাই ৰাজহুৱা কৰাৰ হুংকাৰ দিয়ে ৷ ফলত আতংকৃত যুৱক জনে মুখ লজ্জা ঢ়াকিবৰ বাবে সাংবাদিকৰ সহায় বিচাৰে ৷পৰিয়াল পত্নী-সন্তানৰ সৈতে সুখৰ সংহাৰ থকাৰ সময়তেই এনে চলনাময়ী যুৱতীৰ পাল্লাত পৰি অসতৰ্ক মুহুত্ব যুৱতীৰ মবাইল আৱদ্ধ আৰু সেই আপত্তিজনক ভিডিঅ ৰাজহুৱা হোৱাৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰা বহু কেইজন যুৱকে মবাইলৰ চুইচ বন্ধ কৰি অজ্ঞাত স্থানত আত্মগোপন কৰাৰ দৰে ভয়ংকৰ খবৰো পোহৰলৈ আহিছে ৷আমাৰ হাতত পৰা তথ্য মতে কেবল শিৱসাগৰ জিলাখনৰেই প্ৰায় পাঁচ শতাধিক যুৱক – বয়োজেষ্ঠ ব্যক্তি সংগোপনে এই চক্ৰটোৰ জালত পৰি লক্ষ লক্ষ টকা আদায় দিও ৰেহাই নোপোৱাৰ বিস্ফোৰক খবৰো পোহৰলৈ আহিছে ৷ একে সময়তে মানসিক ভাৱে সম্পুৰ্ণ ৰূপে ভাগি পৰা এনে একাংশ যুৱকৰ তথ্যও সম্প্ৰতি পোহৰলৈ আহিছে ৷স্মৰ্তব্য যে, কেইদিন মানৰ পুৰ্বে এগৰাকী শিক্ষকেও এই চক্ৰটোৰ জালত পৰি প্ৰায় পঞ্চাশ হাজাৰ টকা আদায় দিবলৈ বাধ্য হৈছিল ৷ উল্লেখ কৰাৰ প্ৰয়োজন যে শিৱসাগৰত সঘনে এই চক্ৰটোৰ জালত বহু কেইজন যুৱক সৰ্বস্ৰান্ত হোৱাৰ লগতে বহু কেইখন সুখৰ সংহাৰ ভাঙি থানবান হোৱাৰ পিছতো কিয় আৰক্ষীৰ নাম লৈ ভাবুকি দিয়া তথা ব্লেক মেইলিঙৰ ভয়ংকৰ জাল পেলোৱা চক্ৰটো অদ্যপৰিমিত শিৱসাগৰ আৰক্ষীৰ জালত পৰা নাই সেইয়াহে চিন্তনীয় বিষয় হৈ পৰিছে ৷সচেতন ৰাইজে এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীৰ তৎপৰ ব্যৱস্থা কামনা কৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান