নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰিত ৫টাকৈ গুলীৰ আঘাত কাছাৰৰ SPৰঃ উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে মুম্বাইলৈ নিম্বলকাৰক

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ গুলীত গুৰুতৰভাৱে আঘাতপ্রাপ্ত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰক উন্নত চিকিৎসাৰ বাবে মঙলবাৰে মহাৰাষ্ট্রলৈ লৈ যোৱা হয়৷ ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানৰ জৰিয়তে তেওঁক শিলচৰৰ পৰা মহাৰাষ্ট্রলৈ লৈ যোৱা হয়৷ ভৰিত পাঁচটাকৈ গুলী লগাৰ ফলত আৰক্ষী অধীক্ষকজন গুৰুতভাৱে আঘাতপ্রাপ্ত হৈছিল৷ 

সোমবাৰে ঘটনাস্থলীৰ পৰা পোনে পোনে আৰক্ষী অধীক্ষকজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ অহা হৈছিল৷ এই হাস্পতালতে তেওঁক আই চি ইউত চিকিৎসকে চিকিৎসা প্রদান কৰি আহিছিল যদিও তেওঁৰ আঘাত যথেষ্ট গুৰুতৰ হোৱাৰ বাবে মহাৰাষ্ট্রলৈ নিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ শিলচৰ মেডিকেল কলেজৰ অধীক্ষকে সদৰী কৰা অনুসৰি, আৰক্ষী অধীক্ষকজনৰ ভৰিত লগা গুলীৰ ফলত তেওঁৰ কেইবাডালো হাড় টুকুৰা টুকুৰকৈ ভাঙি গৈছে৷ যাৰ বাবে তেওঁক জটিল অস্ত্রোপচাৰৰ প্রয়োজন হ’ব৷

অৱশ্যে সম্প্রতি আৰক্ষী অধীক্ষকজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি সদৰী কৰি হাস্পতালৰ অধীক্ষকজনে কয়– ‘চিকিৎসাৰ বাবে লৈ অহাৰ সময়ত নিম্বলকাৰৰ ভৰিৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈছিল৷ সম্প্রতি চিকিৎসাৰ পিছত ৰক্তক্ষৰণ বন্ধ হৈছে৷ সম্প্রতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ৷ কালি চিকিৎসালয়লৈ অনাৰ সময়ত তেওঁ যথেষ্ট বিষ অনুভৱ কৰিছিল যদিও সেয়াও হ্রাস পাইছে৷’

উল্লেখ্য যে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নিম্বলকাৰে হাস্পতালৰ বিছনাৰ পৰাই এই বিপদৰ সময়ত ৰাজ্য চৰকাৰে কৰা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ সম্প্রতি তেওঁ যথেষ্ট সুস্থিৰ অনুভৱ কৰিছে বুলি উল্লেখ্য কৰি সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্রী, অসম আৰক্ষীৰ সঞ্চালকপ্রধান, ৰাজ্য চৰকাৰ, বিভাগীয় মন্ত্রীসকলে তেওঁক যথেষ্ট সহায় কৰিছে৷

তদুপৰি বহুসংখ্যক লোকে তেওঁৰ আৰোগ্য কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছে৷ সকলোকে তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইপিনে আৰক্ষী অধীক্ষকজনৰ উপৰি আন তিনিজন গুৰুতৰভাৱে আঘাতপ্রাপ্ত জোৱানকো আজি বিমানযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ অহা হৈছে৷

You might also like