নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাউন ছুগাৰসহ ২ সৰবৰাহকাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ মহানগৰ আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে৷ আৰক্ষীৰ অভিযানত বহু ড্রাগ্ছ সৰবৰাহকাৰী জালত পৰিছে৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত আজি লতাশিল আৰক্ষীয়ে অভিযান চলাই ব্রাউন ছুগাৰসহ ২ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটা ক্রমে নুৰ আহমেদ (২৭) আৰু বাবুল চৌধুৰী (২১)৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত দুই সৰবৰাহকাৰীয়ে গুৱাহাটী ক্লাবত ড্রাগ্ছ বিক্রী কৰি আছিল৷ লতাশিল আৰক্ষীৰ এটা দলে ড্রাগ্ছ সৰবৰাহকাৰীকেইটাক্ অনুসৰণ কৰি নুনমাটিৰ পৰা গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী দুটাৰ পৰা ১৫টা ড্রাগ্ছ ভর্তি কণ্টেইনাৰ জব্দ কৰে৷ লতাশিল আৰক্ষীয়ে এনডিপিএছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি ধৃত সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে৷

You might also like