নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছক শ’লঠেকত পেলাই তিতাবৰত ভাস্কৰজ্যোতি বৰুৱাৰ প্ৰচাৰ

তিতাবৰত কংগ্ৰেছৰ টিকট বঞ্চিত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই কংগ্ৰেছক শ’লঠেকত পেলাই নিৰ্দলীয় প্ৰাৰ্থীৰূপে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

একাংশ কংগ্ৰেছ সমৰ্থকক লগত লৈ তেওঁ কংগ্ৰেছৰ বৰঘৰত সোমাই কাৰ্যতঃ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাইছে। নিৰ্বাচনী কাৰ্যালয় খুলি ৰাইজৰ পদূলিয়ে-পদূলিয়ে ভোট বিচাৰি ঘূৰি কংগ্ৰেছৰ বিৰুদ্ধে সমৰ্থন আহৰণ কৰিছে ভাস্কৰ জ্যোতি বৰুৱাই।

সমষ্টিটোত তেওঁ নিৰ্দলীয় প্ৰাৰ্থীৰূপে কংগ্ৰেছ শিবিৰলৈ অশনি সংকেত প্ৰেৰণ কৰিছে। ভাস্কৰজ্যোতি বৰুৱা মন্তব্য কৰে যে, ৰাইজে ভোটৰ জৰিয়তে তেওঁক নিৰ্বাচনত জিকাব।

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ

You might also like