নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ মাৰাথন প্ৰচাৰ, উন্নয়নৰ প্ৰতিশ্ৰুতিৰ বৰষুণ

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৪৩নং তামুলপুৰ সমষ্টিত এন ডি এ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ।

সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজৰ মাজত ব্যাপক সমৰ্থন সংগ্ৰহ কৰিছে দৈমাৰীয়ে।

প্ৰচাৰ সভাসমূহত তেওঁ একাধিক গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি আগবঢ়াই কয় যে চৰকাৰ গঠনৰ ছয় মাহৰ ভিতৰতে তামুলপুৰত এখন ছায়েন্স কলেজ আৰু এখন মডেল ডিগ্ৰী কলেজ স্থাপন কৰা হ’ব। লগতে ৰাস্তা-ঘাট আৰু দলংসমূহৰ উন্নয়ন, তামুলপুৰক এক আগশাৰীৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৃদ্ধি কৰাৰ দিশতো পদক্ষেপ লোৱা হ’ব বুলি তেওঁ আশ্বাস দিয়ে।

ইফালে, প্ৰচাৰ সভাত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰে দৈমাৰীয়ে। ইউ পি পি এল নেতা প্ৰমোদ বড়োৰ ওপৰতো তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সহায়তহে বড়োৱে ৰাজনৈতিক মৰ্যাদা লাভ কৰিছিল, সেয়ে বৰ্তমান চৰকাৰক সমৰ্থন কৰাটো উচিত আছিল।

শেষত তামুলপুৰৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ আৰু ড° হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবলৈ পদুম ফুলৰ চিনত ভোটদান কৰি তেওঁক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় বিশ্বজিৎ দৈমাৰীয়ে।

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ

You might also like