নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভীমাশংকৰ জ্যোতির্লিংগৰ সামগ্ৰিক উন্নয়নৰ পৰিকল্পনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ১৬ জুনঃ আজি গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ জ্যোতির্লিংগ পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী বৰুৱাই ভীমাশংকৰ জ্যোতির্লিংগ পৰিদৰ্শন কৰি তাৰ সামগ্ৰিক উন্নয়নৰ বাবে আলোচনাত মিলিত হয়। উল্লেখ্য যে ভীমাশংকৰ জ্যোতির্লিংগ ১২টা জ্যোতির্লিংগৰ অন্যতম। সনাতন ধর্মত এই স্থানৰ বিশেষ গুৰুত্ব আছে। বছৰি ইয়ালৈ লাখ লাখ ভক্তৰ সমাগম হয়। বিশেষকৈ শাওণ মাহত ভীমাশংকৰ জ্যোতির্লিংগ লোকাৰণ্য হৈ পৰে। ৰাজ্য চৰকাৰৰ লোকনির্মাণ, পর্যটন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গৰে ইয়াৰ ঐতিহ্য আৰু আধ্যাত্মিকতা অটুট ৰাখি মন্দিৰ এলেকাৰ সামগ্রিক উন্নয়ন সাধনৰ উদ্দেশ্যে সংশ্লিষ্ট বিভাগকেইটাৰ জ্যেষ্ঠ বিষয়াবর্গৰ আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী।

You might also like