মার্ঘেৰিটাত ভোগালী উৎসৱত উপস্থিত থাকিব মুখ্যমন্ত্রী সোণোৱাল–বিত্তমন্ত্রী ড০ শর্মা
নিয়মীয়া বার্তা, ১০ জানুৱাৰীঃ তিনিচুকীয়া জিলাৰ মার্ঘেৰিটাত ১নং আলুবাৰীৰ ৰাজখোৱা পথাৰত প্রথমবাৰৰ বাবে প্রথম বার্ষিক ভোগালী উৎসৱ–২০২১ উদযাপনৰ ব্যাপক প্রস্তুতি চলোৱা হৈছে৷ অসমীয়া জাতিৰ হিয়াৰ আমঠু জাতীয় উৎসৱ বিহুৱে অসমীয়া জাতিক বিশ্বদৰবাৰত এক স্বকীয় পৰিচয় প্রদান কৰাই নহয় সম্প্রীতি আৰু ভাতৃত্বৰ এনাজৰীৰে অসমীয়া জাতীয় সত্তাক জীয়াই ৰাখিছে৷
বিভিন্ন জাতীয়–জনগোষ্ঠীৰ সমন্বয়ৰ স্থলী মার্ঘেৰিটাৰ বিভিন্ন জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলো একগোট হৈ ভোগালী বিহুটি ১৩ আৰু ১৪ জানুৱাৰীত বর্ণাঢ্য কার্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ মার্ঘেৰিটাৰ মহকুমাধিপতি পৱিত্র কুমাৰ দাসে ১৩ জানুৱাৰীৰ পুৱা ৭ বজাত ভোগালী উৎসৱস্থলীৰ নামঘৰৰ দ্বাৰ মুকলি কৰাৰ পিছতে ১০.৩০ বজাত ভোগালী উৎসৱ উদ্বোধন কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
পুৱা ১১ বজাত অসমৰ বিত্ত, স্বাস্থ্য, শিক্ষা তথা লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰাৰ লগতে জনগোষ্ঠীয় কুটীৰ উদ্বোধন কৰিব বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই৷
আত্মসহায়ক গোটসমূহৰ দ্বাৰা তৈয়াৰী বিভিন্ন সামগ্রীৰ প্রতিযোগিতা তিনিচুকীয়া আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই উদ্বোধন কৰা অনুষ্ঠানত ১২.৩০ বজাত সমাজৰ বিভিন্ন ক্ষেত্রলৈ বিশেষভাৱে অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তিক ৰাজহুৱাভাৱে সম্বর্ধনা জ্ঞাপন কৰিব৷
সম্বর্ধনা অনুষ্ঠানত সাহিত্য অকাডেমি বঁঁটাপ্রাপক ৰীতা চৌধুৰী, জ্যোতি চিত্রবনৰ অধ্যক্ষ পৱিত্র মার্ঘেৰিটা আৰু ডিব্রুগড বিশ্ববিদ্যালয়ৰ অধ্যাপক সুৰজিৎ বৰকটকী উপস্থিত থাকিব৷ তিনিচুকীয়া জিলাৰ উপায়ুক্ত দিগন্ত শইকীয়াই ভোগালীৰ এসাঁজ অনুষ্ঠান মুকলি কৰাৰ পিছতে ৩ বজাত আমন্ত্রিত শিল্পী দেৱজিৎ বৰা আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷
উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব ডিগবৈ বন সংমণ্ডল প্রাধিকাৰী চি চি ৰঞ্জিথ ৰামে৷ বিয়লি ৪ বজাত ধেমাজি কেন্দ্রীয় হৰিনাম দলৰ দ্বাৰা দিহানাম পৰিৱেশনৰ পিছতে ৭ বজাত গীতে–মাতে ভেলাঘৰৰ এনিশা অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব কেন্দ্রীয় খাদ্য সংসাধন মন্ত্রী ৰামেশ্বৰ তেলী আৰু মার্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শর্মাই৷
উক্ত দিনা বিশিষ্ট গায়ক জুবিন গার্গ, জুবলীৰ লগতে বেহাৰবাৰী খ্যাত কে কে মোহনৰ উপস্থিতি হ’ব অন্যতম আকর্ষণীয়৷ আনহাতে ১৪ জানুৱাৰীৰ পুৱা ৬ বজাত মেজি প্রজ্বলন, ভোগালী জলপানৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰিব৷