নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম যোৰহাটত ‘বাকৰিত সংস্থাপন’ৰ আদৰ্শৰে সম্ভাৱনাৰ পথাৰ – বজাৰ সৃষ্টি কৰাত সফল দীপক গগৈ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ যোৰহাট নগৰৰ পৰা নিলগত মেলেঙীয়াল গাঁও প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ স্থান । সেউজীয়া বাগানৰ মাজত যেন এক অপূৰ্ব ৰূপ প্ৰকৃতিৰ ‌। ঠাইডোখৰৰ এক উজ্জ্বল সম্ভাবনাৰ ৰূপ দিছে স্থানীয় প্ৰকৃতিপ্ৰেমী তথা উদ্যোগী ব্যক্তি ‌দীপক গগৈয়ে ।এয়া দুই এদিনতে সম্বৱপৰ হোৱা নাছিল । পশ্চিম যোৰহাটৰ মেলেঙীয়াল গাৱৰে কনকেশ্বৰ গগৈ আৰু মিনু গগৈৰ সুপুত্ৰ দীপক গগৈৰ ঠাইডোখৰৰ প্ৰতি কিবা এটা কৰাৰ আকৰ্ষণে বাৰুকৈয়ে আমনি কৰিছিল মনত । বহুদিনৰ প্ৰচেষ্টাৰ অন্ততঃ প্ৰায় ১৫০ বিঘা মাটি এলেকা সামৰি কৰা বিভিন্ন প্ৰজাতিৰ ধান খেতিৰে জীপাল কৰে বৃহত্তৰ কৃষিভৃত্তিক সম্ভাবনাপূৰ্ণ ঠাইডোখৰ।আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰে গুণগত মানদণ্ডৰ খেতি কৰে দীপক গগৈয়ে । কেইবাখনো পাৱাৰ টিলাৰ ,কৃষি সজুলি আৰু তাৰো সৰ্বোপৰি দীপকৰ নিজ শ্ৰমৰে উৎপাদনমুখী এক কৃষি বিপ্লৱৰ সূচনা কৰাত অঞ্চলটোৰ মহিলা বিশেষকৈ ৰোৱনী -দাৱনী আৰু যুৱকসকলৰ অৱদান উল্লেখনীয় । চাকৰিৰে নহয় বাকৰিত শতাধিক যুৱকক আত্মনিৰ্ভৰশীলৰ প্ৰশিক্ষণৰে সংস্হাপনৰ বাট দেখুৱাইছে উদ্যমী দীপক গগৈয়ে।

  উন্নত মানৰ শালি ,লাহী ,কনজহা ,ৰঞ্জিতৰে এক সুকীয়া কৃষিজীৱীৰ মাদকতা লাভ কৰি সৃষ্টি কৰিছে সম্ভাৱনাৰ এক কৃষিৰ বিশাল পথাৰ । তাৰোপৰি দীপক গগৈৰ ৭০ বিঘা মাটি সামৰি কৰা বৃহৎ ফিচাৰীৰে এক মীন উদ্যোগৰো সূচনা কৰিছে। ৰৌ ,বাহু,বৰালি ,আৰি ,চিতলকে আদি শল শাল কাবৈৰ দৰে বনৰীয়া মাছৰে ভৰপূৰ ফিচাৰিকেইটা ।আনহাতে ৬ বিঘা মাটিত গাহৰিৰ ফাৰ্মত পোৱা যায় উন্নত প্ৰজাতিৰ পোৱালি । গৰু গাই ,হাঁহ,কুকুৰা চিনাহাঁহ,তাৰ্কীহাঁহ,ৰাজহাঁহ পালনেৰ আদৰ্শৰে থলুৱা যুৱকক জীৱন আৰু জীৱিকাৰ সন্ধান দিবলৈ সক্ষম হৈছে দীপক গগৈয়ে।উৎপাদন আৰু লক্ষাধিক উপাৰ্জনৰে আজিৰ সফল উদ্যোগীৰ সমানেই দীপক গগৈ এগৰাকী ক্ৰীয়াপ্ৰেমী তথা এগৰাকী ক্ৰীড়াবিদো ।

You might also like