শিশুক নিৰ্যাতন চলোৱা চিকিৎসক দম্পতীক কঠোৰ শাস্তি বিহা হ’বঃ মন্ত্ৰী পীযূষ হাজৰিকা
- তেজপুৰত বিজেপিৰ জিলা কাৰ্যালয়ৰ আধাৰ শিলা স্থাপন
নিয়মীয়া বাৰ্তা, ৭ মে’: চিকিৎসক দম্পতীয়ে গুৱাহাটীত তোলনীয়া কন্যা শিশুৰ ওপৰত আসুৰিক নিৰ্যাতন চলোৱা কাণ্ডক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে আজি তেজপুৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই ৷ স্থানীয় সাংবাদিকৰ প্ৰশ্নোত্তৰত অভিযুক্ত চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ বৰ্বৰ কাণ্ড তীব্ৰ সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই কঠোৰ শাস্তি বিহা হ’ব বুলি মন্তব্য কৰে৷
ইপিনে এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ শেহতীয়া কথা বাৰ্তাৰ প্ৰসংগত মন্ত্ৰী পীযূষ হাজৰিকাই কঠোৰ সমালোচনা কৰি বদৰুদ্দিন আজমলে যিহকে পায় তাকে বলকে ৷ আজমলৰ গণ্ডগোল আছে বুলি মন্তব্য কৰে ৷ আনহাতে কৰ্নাটক বিধানসভা নিৰ্বাচন সন্দৰ্ভত সোধা প্ৰশ্নোত্তৰত বিজেপিয়ে ভাল ফলাফল দেখুৱাব দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে আজি তেজপুৰ গনেশ ঘাটৰ সমীপত বিজেপিৰ জিলা কাৰ্য্যলয়ৰ আধাৰশিলা স্থাপন আৰু ভূমি পুজন অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই৷ তেওঁ ভাষণ প্ৰসংগত দলৰ জ্যেষ্ঠ কৰ্মকৰ্তাক সদায় সন্মান আৰু মৰ্যদা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ এই অনুষ্ঠানত সাংসদ পল্লব লোচন দাস, বিধায়ক ক্ৰমে পদ্ম হাজৰিকা, গণেশ লিম্বু , কৃষ্ণ কমল তাঁতী আৰু কেবাগৰাকী জ্যেষ্ঠ সদস্যৰ লগতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷
I feel very fortunate to be able to lay the foundation stone and perform the bhoomi pujan of the Bharatiya Janata Party’s district office in Tezpur town today. The party office is like a sacred temple for all party kāryakartās. It always reinvigorates the spirit of service in the… pic.twitter.com/9cuwRXPsu5
— Pijush Hazarika (@Pijush_hazarika) May 7, 2023