প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পত্নীৰ নামত হাউচিঙত থকা ফ্লেট সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজ পত্নীৰ নামত গুৱাহাটীত অনৈতিকভাৱে দখল কৰি ৰখা হাউচিঙ বৰ্ডৰ এটা ফ্লেট সন্দৰ্ভত শেহতীয়াকৈ এখন বাতৰি কাকতত প্রকাশিত বাতৰি সন্দৰ্ভত আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰে। মন্ত্রী শ্রী পীযুষ হাজৰীকাই ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি কয় যে প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সদায় নিজকে ভাল মানুহ বুলি কৈ আহিছে, নিজকে ধোৱা তুলসীৰ পাত সজাই আহিছে। নিজকে মিনাৰেল ৱাটাৰ বুলি সজোৱা ভূপেন বৰাৰ মতে তেখেতৰ দৰে নীতি-নিয়মত থকা মানুহ পৃথিৱীত নাই। কিন্তু সদায় নৈতিকতাৰ কথা কোৱা ভূপেন বৰাই বিগত ১৫ বছৰ ধৰি কিয় দুই নম্বৰী উপায়েৰে এটা হাউচিঙৰ ফ্লেট দখল কৰি ৰাখিলে বুলি আজি সংবাদমেলত প্রশ্ন উত্থাপন কৰে মন্ত্রী শ্রী হাজৰীকাই।
মন্ত্রীগৰাকীয়ে এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত সৱিশেষ দাঙি ধৰি কয় যে ২০০৬ চনৰ ৭ মার্চত নিজক নিবনুৱা বুলি উল্লেখ কৰি তথা তেখেতৰ মাহিলী আয় মাত্র ৬,৮৪০ টকা বুলি উল্লেখ কৰি ভূপেন বৰাৰ পত্নী ডাঃ মৌচুমী বৰগোঁহাই বৰাই নিজৰ নামত গুৱাহাটীত হাউচিঙ বৰ্ডৰ এটা ফ্রেট পাবলৈ সক্ষম হৈছিল। কিন্তু উল্লেখনীয় দিশতো হ’ল সেই ফ্লেট লাভ কৰাৰ এবছৰ পিছতে অর্থাৎ ২০০৭ চনৰ ২৩ ফেব্ৰুৱাৰীত প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীৰ পত্নীয়ে মেডিকেল কলেজত ডেমনস্ট্রেটৰ হিচাবে যোগদান কৰিছিল । আৰু বর্তমান এগৰাকী এছচিয়েট প্রফেচৰ ৰূপে কৰ্মৰত ভূপেন বৰাৰ পত্নীৰ বর্তমান মাহিলী মহা ১.৯০ লাখ টকা। তেনেক্ষেত্ৰত বিগত ১৫ বছৰ ধৰি কিয় ভূপেন বৰাৰ পত্নীয়ে নিজকে নিবনুৱা সজাই হাউচিঙৰ ফ্লেট নিজৰ নামত ৰাখি থলে বুলিও আজি প্রশ্ন কৰে মন্ত্রী শ্রী হাজৰীকাই।
তেওঁ লগতে উল্লেখ কৰে যে ভূপেন বৰাৰ পত্নী ডাঃ মৌচুমী বৰগোঁহাই বৰাই আজি ডেৰ মাহ আগতে অর্থাৎ ২০২১ চনৰ ১৭ ডিচেম্বৰত হাউচিঙ বৰ্ডৰ কমিচনাৰলৈ এখন পত্র লিখি উক্ত ফ্লেটতো ছাৰেণ্ডাৰ কৰিছে। কিন্তু অতি আশ্চর্যজনক কথা হ’ল যে তেখেতে উক্ত ফ্লেটতা ছাৰেণ্ডাৰ কৰাৰ পিছতো তাৰ চাবি এতিয়াও জমা দিয়া নাই। একেদৰে ছাৰেণ্ডাৰ কৰি দাখিল কৰা দলিলত উত্তৰ লখিমপুৰৰ পহুমৰাৰ এজন ব্যক্তি ৰবীন শইকীয়াৰ নামত তেখেতৰ নামত থকা হাউচিঙৰ ফ্লেটতা আবণ্টন দিয়াত তেওঁৰ কোনো আপত্তি নাই বুলিও উল্লেখ কৰিছে। এয়া কি ধৰণৰ কথা বুলিও মন্ত্রী হাজৰীকাই আজি আশ্বর্য প্রকাশ কৰে। এই ৰবীন শইকীয়াৰ ঘৰ ভূপেন বৰাৰ এলেকাৰ এখন গাঁৱতে বুলি উল্লেখ কৰি এই কার্যকে ‘মাছ বুলি নাখাই জিজি বুলি খাই’ বুলি কোৱা হয় বুলিও উল্লেখ কৰে।
সংবাদমেলত মন্ত্রী হাজৰীকাই ২০০৬ চনৰ পৰা ১৫ বছৰ ধৰি ফ্লেটতা দখল কৰি ৰখাৰ পিছত মাত্ৰ ডেৰ মাহ আগতে তেওঁ ফ্লেটতা ছাৰেণ্ডাৰ কৰা সন্দৰ্ভতো ভূপেন বৰাক প্রশ্ন কৰে যে যদিহে ভূপেন বৰা ইমানেই ভাল মানুহ, তেন্তে তেখেতে ফ্লেট লাভ কৰাৰ এবছৰৰ পিছত তেখেতৰ পত্নীয়ে চাকৰি পোৱাৰ সময়ত কিয় ফ্লেটতা ছাৰেণ্ডাৰ নকৰিলে ? ফ্লেট লাভ কৰাৰ তিনিমাহ পিছত ভূপেন বৰা নিজে বিধায়ক হৈছিল। সেই সময়ত কিয় ফ্লেটতো ছাৰেণ্ডাৰ নকৰিলে? সম্প্রতি ফ্লেটতো ছাৰেণ্ডাৰ কৰিও তেখেতৰ এলেকাৰে এজন মানুহক ফ্লেটতো আবণ্টন দিব লাগে বুলি লিখি দিয়াতো কেনেধৰণৰ কথা বুলিও মন্ত্রীগৰাকীয়ে হাউচিঙ ব’র্ডে কাক ঘৰ দিব কাক নিদিব সেয়া ব’র্ডে সিদ্ধান্ত ল’ব বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে। তেখেতে কিয় লিখি দিছে বুলিও সংবাদমেলত মন্ত্রীগৰাকীয়ে উল্লেখ কৰে। সংবাদ মেলত এয়াই ভূপেন বৰাৰ আচল স্বভাৱ , চৰিত্ৰ বুলিও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে।
তাৎপর্যপূর্ণভাৱে সংবাদমেলতে এগৰাকী সাংবাদিকে ভূপেন বৰাৰ নিজৰ নামতো ২০১৭ চনলৈকে হাউচিঙৰ এটা ফ্লেট থকা আৰু বর্তমানেও তেখেতৰ শহুৰেকৰ নামত থকা এটা হাউচিঙৰ ফ্লেট তেওঁলোকে ভাড়া দি থৈছে বুলি প্ৰকাশ কৰাত সেই কথাতো মন্ত্রীগৰাকীয়ে আশ্বর্য প্রকাশ কৰি এয়াই ভূপেন বৰাৰ মিনাৰেল ৱাটাৰৰ চৰিত্ৰ বুলি উল্লেখ কৰে।