নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন বৰাৰ কথাৰ কোনো ভেল্যু নাই : মন্ত্ৰী অতুল বৰা

মুখ্যমন্ত্রীয়ে মিছন মুডত ভূমিৰ সমস্যা সমাধানৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিছে : অতুল বৰা
বিশেষ বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ অসম প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ কথাৰ ভেলু আছে জানো? ভূপেন বৰাৰ কথাৰ কোনো ভেলু নাই। তেওঁ আজি এটা কয়। আকৌ কাইলৈ বেলেগ এটা কয়। কেতিয়াবা কবিতা গায়। কেতিয়াবা কিবা কয়। এই মন্তব্য কৃষিমন্ত্রী অতুল বৰাৰ। আজি লখিমপুৰত মিছন বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা বিতৰণত অংশগ্রহণ কৰি তেওঁ সাংবাদিকৰে হোৱা বাৰ্তালাপত এইদৰে ভূপেন বৰাক কটাক্ষ কৰে। তেওঁ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভূমি সমস্যা সমাধান কৰাৰ বাবে লোৱা উদ্যোগক শলাগ লৈ কয় ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়ে ভূমিৰ সমস্যা দূৰ কৰিবলৈ মিছন মুডত কাম কাজ আগুৱাই নিছে। মূখ্য মন্ত্রীয়ে ক্ষিপ্ৰতাৰে মিছন মুডত কাম কাজ আগুৱাই নিয়াৰ বাবেহে ভূমিৰ সমস্যা দুৰ হৈছে। মিছন বসুন্ধৰীৰ একৰ পাছত দুইৰ কাম কাজ চলি আছে। ইয়াতো থাকি যোৱাসকলক পৰৱৰ্তী মিছনত সাঙুৰি লোৱা হব বুলি তেও কয়। ভূমি সমস্যা দুৰ নোহোৱা পৰ্যন্ত চৰকাৰৰ এই প্ৰচেষ্টা অব্যাহত থাকিব বুলি তেওঁ কয়। তেওঁ বিৰোধী দলক কটাক্ষ কৰি অসমত এতিয়া বিৰোধীৰ অস্তিত্বই নাই বুলি কয়। উল্লেখ যে আজি লখিমপুৰৰ ৭৩নং বিহপুৰীয়া সমষ্টিৰ বৰখামতী খেলপথাৰ আৰু ৭৫নং লখিমপুৰ সমষ্টিৰ গজাই মনাই ক্ষেত্ৰত মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা ২.o”ৰ অধীনত ভূমি পট্টা বিতৰণ কাৰ্য্যসূচী শুভাৰম্ভনি কৰে। লখিমপুৰ সমষ্টিৰ অন্তৰ্গত ৩,০৮৭জন ব্যক্তিক আৰু বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত বৰখামতি খেলপথাৰত ১,২৫৩গৰাকী খিলঞ্জীয়া ব্যক্তিক ভূমি পট্টা বিতৰণ কৰা হয়। আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী বৰাই আৰু কয় যে শেহতীয়াকৈ অসমৰ জনপ্ৰিয় চৰকাৰখনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমিৰ অধিকাৰ প্রদানেৰে খিলঞ্জীয়া জনগোষ্ঠীসকলৰ সবলীকৰণৰ দিশত এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। সামাজিক সমতাৰ দিশত আৰু চৰকাৰৰ সংকল্প পুৰণৰ ক্ষেত্ৰত এই পদক্ষেপে এক নিৰ্ণয়ক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এটা সময়ত ৰাজ্যখনত বসবাস কৰি থকা খিলঞ্জীয়া জনসাধাৰণে সুদীর্ঘ সময় ধৰি নিজৰ দখলত থকা মাটিৰ ওপৰত আইনগতভাৱে অধিকাৰ লাভ কৰা নাছিল। আনকি নিজৰ দখল বুলি দাবী কৰিব পৰাকৈ নথিভুক্ত ভূমিৰো ৰেকৰ্ড নাছিল। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভূমিৰ অধিকাৰ আইনখনৰ সংশোধন কৰে আৰু ভুমিহীন খিলঞ্জীয়া লোকসকললৈ ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লয়। এই প্ৰক্ৰিয়াৰ জৰিয়তে খিলঞ্জীয়া ভূমিহীন লোকসকলে ভূমিৰ চৰকাৰী নথিপত্ৰ লাভ কৰিবলৈ সক্ষম হ’ব। ভূমি পট্টাসমূহে ভূমিৰ গৰাকীসকলক নিজ মাটিৰ মালিকীস্বত্ব আহৰণৰ সুযোগ প্রদান কৰিব। তেওঁলোকে বেংক ঋণকে ধৰি বিভিন্ন সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।এই পট্টাসমূহ ডিজিটেল ৰূপত সংৰক্ষিত হৈ থাকিব। পট্টাসমূহ হেৰাই গ’লেও ডিজিটেল লকাৰত উপলব্ধ হৈ থকাৰ বাবে হিতাধিকাৰীসকল উপকৃত হ’ব পাৰিব। এই ভূমি অধিকাৰৰ জৰিয়তে হিতাধিকাৰীসকলে অন্যান্য চৰকাৰী আঁচনিৰ সুবিধাও লাভ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কৃষি আৰু কৃষকৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিসমূহৰ সম্পৰ্কেও উল্লেখ কৰে। উক্ত সভাত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে ৰাইজৰ কল্যাণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ। তেওঁ চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰতিখন আঁচনিয়ে দৰিদ্ৰ লোকসকলৰ কল্যাণ নিশ্চিত কৰিছে। মহিলা সৱলীকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ খনে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান আৰু শৈক্ষিক ক্ষেত্ৰত বৰ্তমান চৰকাৰ খনে এক যুগান্তকাৰী পৰিৱৰ্তন আনিছে বুলি তেও উল্লেখ কৰে।আনহাতে লখিমপুৰ সমষ্টিৰ গজাই মনাই ক্ষেত্ৰত অনুষ্ঠিত ভূমি পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি লখিমপুৰ লোকসভা সমষ্টিৰ  সাংসদ প্ৰদান বৰুৱাই প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ প্ৰতিজন ব্যক্তিৰে জনকল্যাণৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে  বুলি উল্লেখ কৰি  সাংসদ গৰাকীয়ে সকলোকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সম্পূৰ্ণ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আছে বুলি মন্তব্য কৰে।  লগতে প্ৰধানমন্ত্ৰী আবাস যোজনা, অৰুণোদয় আদি আঁচনিৰ পৰা বঞ্চিত হোৱা ব্যক্তিক পৰৱৰ্তী সময়ত সেই আঁচনি সমূহৰ সুবিধা প্ৰদান কৰা হব বুলি আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে লখিমপুৰ জিলা আয়ুক্ত গায়ত্ৰী হ্যালিঙে। এই অনুষ্ঠানত বগীনদী চক্ৰ বিষয়া নন্দন প্ৰতিম বৰদলৈ, বিহপুৰীয়া চক্ৰ বিষয়া  জয় প্ৰকাশ মহন্ত, নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি  হৰি  চন্দক ,বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি  দীপশিখা বৰা, সমাজকৰ্মী দীপক বৰদলৈ,বিভিন্ন গন্য মান্য ব্যক্তি, ভূমি পট্টা পোৱা ব্যক্তি সকল, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
প্ৰেৰক জীৱন গোস্বামী
You might also like