নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত মিছন বসুন্ধৰাত ভূমি পট্টা প্ৰদান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ভূমি অধিকাৰ প্ৰদানৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সৱলীকৰণৰ উদ্দেশ্য মিছন বসুন্ধৰা ২.০ ভূমি পট্টা প্ৰদান কৰে। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আজি আবেলি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৭২৫গৰাকীক ভূমি পট্টা প্ৰদান কৰে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা পৰিদৰ্শক মনহৰি বায়নে আঁত ধৰা অনুষ্ঠানত আয়ুক্ত বৰ্ণালী ডেকাৰ আদৰণি ভাষণৰে আৰম্ভ কৰা ভূমি পট্টা প্ৰদান অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহক ভূমি পট্টা কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে কয় যে ৩০-৪০ বছৰ ধৰি বহুতো খিলঞ্জীয়া জনগোষ্ঠীৰ উপৰি বিভিন্ন সম্প্ৰদায়ৰ লোকে ভূমিহীন হৈ জীৱন নিৰ্বাহ কৰি আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ আৰম্ভ কৰিছিল মিছন বসুন্ধৰা। আজিৰ অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত, আশুতোষ ডেকা, চয়নিকা ঠাকুৰীয়া, নলবাৰীৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ আদি উপস্থিত থাকে। সভাত ৰুণু স্বৰ্গিয়াৰী, অভিৰাম স্বৰ্গিয়াৰী, নীলিমা বড়ো, মনোজ দাস, প্ৰণৱ ৰাজবংশী, নগেন ৰাজবংশী, কেশৱ কলিতা, উৎপল কলিতা, সোণাৰাম দাস, অধীক বৈশ্যসহ দহগৰাকী লোকক আনুষ্ঠানিকভাৱে ভুমি পট্টা প্ৰদান কৰাৰ লগতে আনসকলক পৰ্যায় ক্ৰমে স্থানীয় চক্ৰ কাৰ্যালয়ৰ জৰিয়তে ভুমি পট্টা প্ৰদান কৰা হ’ব বুলি জিলা প্ৰশাসনে জনাইছে।
প্ৰেৰক বীৰেন কলিতা
You might also like