নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীত জগতত শূন্যতাৰ সৃষ্টি কৰি পৰলোকগামী ভূপেন উজীৰ

বাৰ্তা ডিজিটেল ডেস্ক, ১০ জানুৱাৰীঃ অসমীয়া সংগীত জগতত বিৰাট শূন্যতাৰ সৃষ্টি কৰি ইহ সংসাৰৰ পৰা মেলানি মাগিলে সংগীত পৰিচালক ভূপেন উজীৰে৷ অসংখ্য গুণমুগ্ধক কন্দুৱাই কালি নিশা প্রায় ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত পৰিচালক তথা বাণীবদ্ধকাৰগৰাকীয়্৷ গুৱাহাটীৰ আগশাৰীৰ ব্যক্তিগত হাস্পতাল নেমকেয়াৰত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত প্রথিতযশা সংগীত পৰিচালকগৰাকীৰ বয়স আছিল ৭১ বছৰ৷ যোৱা ৬ জানুৱাৰীত তেওঁক হাস্পতালখনত ভর্তি কৰোৱা হৈছিল৷ শ্বাস–প্রশ্বাসজনিত সমস্যাত ভোগাৰ পাছতে পৰিয়ালে উজীৰক হাস্পতালখনত ভর্তি কৰোৱায়৷ যকৃৎ, বৃক্ক আৰু হাঁওফাঁওত হোৱা সংক্রমণৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটা উজীৰক হাস্পতালখনৰ আইচিইউত বিশেষজ্ঞ চিকিৎসকৰ অধীনত চিকিৎসা প্রদান কৰা হৈছিল৷ চিকিৎসকৰ আপ্রাণ প্রচেষ্টা তথা গুণমুগ্ধৰ প্রার্থনাও অৱশেষত বিফলে গ’ল৷ আজি নিশা তেওঁ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে৷ ইয়াৰ লগে লগে অসমীয়া সংগীত জগতত অন্ত পৰিল আন এক অধ্যায়ৰ৷ হেৰাই গ’ল সাংস্কৃতিক ক্ষেত্রখনৰ আন এটি ধ্রুৱ তৰা৷ অসমত সংগীত বাণীবদ্ধ কৰাৰ ক্ষেত্রত বাটকটীয়া হিচাপে পৰিচিত এইগৰাকী যশস্বী সংগীত পৰিচালকৰ বিয়োগৰ বাতৰিয়ে সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পেলাইছে৷ পত্নী শান্তা উজীৰৰ সৈতে যুটী বান্ধি অসমীয়া সংগীত জগতক এক অনন্য মাত্রা প্রদান কৰা ভূপেন উজীৰে আৰু কেতিয়াও গাবলৈ নাহে– ‘ৰাতি যে হ’ল বৰ গভীৰ, নাই কোনো মোৰ লগৰী’৷ উল্লেখ্য যে ১৯৫৩ চনৰ ৫ এপ্রিলত যোৰহাটত জন্মগ্রহণ কৰিছিল সংগীত পৰিচালকগৰাকীয়ে৷ যোৰহাটতে তেওঁ প্রাথমিক শিক্ষা আৰম্ভ কৰে৷ যোৰহাট চৰকাৰী বিদ্যালয়ত নামভর্তি কৰাৰ সময়তে কৃষি বিভাগত কর্মৰত পিতৃয়ে ভূটান চৰকাৰৰ সহযোগিতাত কাম কৰাৰ সুযোগ লাভ কৰে৷ যাৰ বাবে তেওঁ মাতৃৰ জন্মস্থান বৰপেটালৈ আহে আৰু বৰপেটা চৰকাৰী বিদ্যালয়ত পঞ্চম আৰু ষষ্ঠ শ্রেণী অধ্যয়ন কৰে৷ পৰৱর্তী সময়ত পিতৃ পুনৰ অসমলৈ ঘূৰি অহাত যোৰহাটলৈ উভতি স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷ তেওঁৰ জ্যেষ্ঠ ভাতৃ আছিল এজন সুদক্ষ গীটাৰিষ্ট৷ জ্যেষ্ঠ ভাতৃক দেখিয়েই উজীৰ সংগীতৰ প্রতি আকর্ষিত হৈছিল৷ যাৰ বাবে তেওঁ গীটাৰ বজাবলৈ আৰম্ভ কৰে৷ সুধাকণ্ঠ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ দৰে শিল্পীৰ সৈতেও তেওঁ গীটাৰ বজাইছিল৷ ১৯৭৭ চনত জয়ন্ত হাজৰিকাৰ দেহাৱসানৰ পাছত এইচএমভি প্রতিষ্ঠানে অসমত লং প্লেয়িং ৰেকর্ড নির্মাণ কৰিবলৈ পদক্ষেপ গ্রহণ কৰে৷ সেই সময়ত এই দায়িত্ব ভূপেন উজীৰে লাভ কৰিছিল৷ প্রয়াত উজীৰৰ বাবে প্রথমটো গীত লিখিছিল প্রথিতযশা নাট্যকাৰ–গীতিকাৰ হেমন্ত দত্তই৷ সেই গীতটিয়েই আছিল– ৰাতি যে হ’ল বৰ গভীৰ, নাই যে কোনো মোৰ লগত৷ পৰৱর্তী সময়ত সংগীত পৰিচালকগৰাকীয়ে নিজাববীয়াকৈ গুৱাহাটীত অডিটেক ষ্টুডি’ আৰম্ভ কৰে৷ প্রজন্মৰ পাছত প্রজন্মই এই অডিটেক ষ্টুডি’ৰ জৰিয়তে সংগীত জীৱন আৰম্ভ কৰি অসমীয়া সংগীত জগতত প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়৷ সমান্তৰালভাৱে অসমীয়া সংগীত জগতত এখনৰ পাছত আন এখন ছবিৰ সংগীত পৰিচালনা কৰি ভূপেন উজীৰে খ্যাতি লাভ কৰিবলৈ আৰম্ভ কৰে৷ দেৱী, জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, পূজা, প্রতিদান, পিতা–পুত্র, ভাই ভাই, ধ্রুৱতৰা, অগ্ণিগড়, উর্বশী, নিশাৰ অৰণ্য, জলাঞ্জলি, এই মৰম তোমাৰ বাবে, জখম, সত্যম শিৱম সুন্দৰম আদিৰ দৰে ছবিত তেওঁ এককভাৱে সংগীত পৰিচালনা কৰে৷ তদুপৰি তেওঁ যুটীয়াভাৱে মৰমী হ’বানে লগৰী শীর্ষক ছবিৰো সংগীত পৰিচালনা কৰে৷ এক বর্ণাঢ়্য সংগীতময় যাত্রাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্রখনক সমৃদ্ধ কৰি তোলা এইগৰাকী বিশিষ্ট শিল্পীৰ দিক্দর্শনতে পত্নী শান্তা উজীৰৰ কণ্ঠত বহু অসমীয়া কালজয়ী গীতে প্রাণ পাই উঠিছিল৷ স্বমানধন্য শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্রখনত গভীৰ শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট শিল্পী নেমকেয়াৰ হাস্পতালত উপস্থিত হৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ বিশিষ্ট সংগীত শিল্পী কমল কটকী, অভিনেতা যতীন বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে তেওঁলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ভূপেন উজীৰৰ বিয়োগত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক শোকবার্তাত ড০ শর্মাই কয়– অসমৰ সংগীত জগতৰ স্বনামধন্য ব্যক্তিসত্তা, যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসানৰ বাতৰিটো পাই মর্মাহত হৈছোঁ৷ এগৰাকী সংগীতকাৰ হিচাপে দীর্ঘদিন ধৰি সুৰৰ সাধনাৰে তেওঁ অসমৰ সাংস্কৃতিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ’ল৷ কেইবাটাও প্রজন্মক সংগীতৰ জৰিয়তে মোহাচ্ছন্ন কৰি ৰখা ভূপেন উজীৰৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি৷’ যশস্বী পৰিচালগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে৷ এক শোকবার্তাত সোণোৱালে কয় যে অসমীয়া সংগীত জগতক অনন্য প্রতিভা আৰু সৃষ্টিশীলতাৰে সমৃদ্ধ কৰি যোৱা প্রখ্যাত সংগীত শিল্পী ভূপেন উজীৰৰ বিয়োগ এক অপূৰণীয় ক্ষতি৷ কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসেও যশস্বী সংগীত পৰিচালকগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে৷ আজি নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য় সম্পন্ন কৰা হয়।

You might also like