নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ডচন স্কুল চৌহদত চাইকেলৰ গুদাম

বিশেষ বাৰ্তা,  ২১ ছেপ্টেম্বৰ : নৱম শ্ৰেণীৰ ছাত্ৰীক বিতৰণ কৰিবলগীয়া চাইকেল নগাঁও চহৰৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুকলিভাবে পেলাই থোৱাৰ বিষয়ে আজি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে কেৱল ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতেই নহয়,শিক্ষা বিভাগৰ দায়িত্বহীন কাণ্ডৰ বাবে দীৰ্ঘদিন ধৰি নগাঁও জিলাৰ প্ৰতিটো শিক্ষা খণ্ড এলেকাৰ এক নিৰ্দিষ্ট স্থানত পৰি ৰৈছে নৱম শ্ৰেনীৰ ছাত্ৰীলৈ বিতৰণ কৰিব লগা হাজাৰ হাজাৰ চাইকেল। জিলাখনৰ দহটা প্ৰাথমিক শিক্ষা খণ্ড ক্ৰমে বটদ্ৰৱা, জুৰীয়া, খাগৰিজান, কপিলী, ৰূপহী, লাওখোৱা, কঠিয়াতলী, নগাঁও সদৰ, কলিয়াবৰ সদৰ আৰু পশ্চিম কলিয়াবৰ প্ৰাথমিক শিক্ষা খণ্ড এলেকাৰ এক নিৰ্দিষ্ট স্থানত দীৰ্ঘদিন ধৰি ৰদে-বৰষুণে মুকলি আকাশত তলত পেলাই থোৱা হৈছে এই চাইকেল সমুহ।জিলাখনৰ অভিভাৱক তথা সচেতন নাগৰিক সকলে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিচতেই কয় যে-বিতৰণ কৰিবলগীয়া চাইকেল সমূহ মুকলি ঠাইত ৰদে-বতাহে থোৱাৰ পৰিৱৰ্তে কোনো ঠাইত ঢাকি বা সুৰক্ষিত ভাবে ৰখাটো উচিত আছিল।সচেতন যুৱক বিৰিঞ্চি বৰাই চাইকেল সমূহ নিম্নমানৰ বুলি অভিযোগ কৰে।তেওঁ কয় যে-‘ ছাত্রী সকলক চাইকেল দিয়াটো মূল উদ্দেশ্য নহয়।চাইকেল বিতৰণৰ নামত কেনেকৈ কমিচন লাভ কৰিব পাৰে সেইটোহে মূল উদ্দেশ্য।ইপিনে বীৰ লাচিত সেনাৰ নেতা ৰূপজ্যোতি শইকীয়াই  চাইকেল সমূহ নিম্ন মানৰ বুলি অভিযোগ কৰাৰ লগতে মুকলি স্থানত ৰখা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে-‘ বাৰিষাৰ বতৰত বৰষুণত চাইকেল সমূহ পেলাই ৰাখি ইয়াৰ অৱস্থা নিম্ন মানদণ্ডৰ কৰি তুলিব বিচাৰিছে। এনেদৰে ৰাজকোষৰ ধন অপচয় কৰিছে।’ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই কয় যে-‘ছাত্রীক বিতৰণ কৰিবলগীয়া চাইকেল ৰদে-বৰষুণে পেলাই থোৱাটো পৰিতাপৰ কথা।এই চাইকেল সমূহ নিম্ন মানদণ্ডৰ।চৰকাৰে ৰাজনৈতিক মুনাফা আদায় কৰিবৰ বাবে নিৰ্বাচনৰ সময়ত বিতৰণ কৰিবৰ বাবে সম্ভবতঃ চাইকেল সমূহ পেলাই থৈছে বুলিও তেওঁ সমালোচনা কৰে। তাৎপৰ্যপূৰ্ণ যে এই চাইকেলসমুহৰ ঠিকাৰ দায়িত্ব লাভ কৰিছে বহি:ৰাজ্যৰ এক কোম্পানীয়ে। এই কোম্পানীটোৱে যোগান ধৰা চাইকেল সমুহ অতি নিম্ন মানৰ বুলি অভিযোগ উঠিছে। উল্লেখযোগ্য যে জিলাখনৰ ২১৩খন উচ্চ মাধ্যমিক আৰু ৬৩ উচ্চতৰ মাধ্যমিকৰ বিপৰীতে প্ৰায় কুৰি সহস্ৰাধিক ছাত্রীক বিতৰণ কৰিবলৈ আনি মুকলি আকাশৰ তলতে শিক্ষা বিভাগে পেলাই থৈছে। জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বগৰিগুৰি মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি ঠাইত তিনি সহস্ৰাধিক চাইকেল পৰি আছে।
প্ৰেৰক কনক হাজৰিকা
You might also like