নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজস্থানত ড০ হিমন্ত বিশ্ব শর্মাৰ বিশাল নির্বাচনী সমাৱেশ

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ৰাজস্থানত দ্বিতীয় দিনাও বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রচাৰ অব্যাহত ৰাখিছে৷ আজি মুখ্যমন্ত্রী ড০ শর্মাই ৰাজস্থানৰ কোটাত  বিশাল নির্বাচনী সমাৱেশত ভাগ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীক একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রী হিচাপে নির্বাচিত কৰাৰ বাবে জনসাধাৰণক আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লোকসভা নির্বাচনৰ পূর্বে হ’বলগীয়া ৰাজস্থান বিধানসভা নির্বাচনত বিজেপিক বিপুল ভোটত জয়যুক্ত কৰি মোদীৰ পক্ষত প্রবল জনমত গঢ়িব লাগিব৷ নির্বাচনী সমাৱেশখনত বর্তমানৰ ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট আৰু কংগ্রেছ দলক ক্ষুৰধাৰ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ তুলনাত ৰাজস্থানত গেহলট চৰকাৰে প্রতি লিটাৰ পেট্র’লত ১০ টকা, ডিজেলত ৩ টকা অধিক দাম লৈ জনসাধাৰণক লুণ্ঠন কৰি আছে৷ এতিয়া কমিছনৰ বাবে জনসাধাৰণৰ মাজত অন্নপূর্ণা পেকেট, মোবাইল বিতৰণ আদি কৰিবলৈ লৈছে৷ মই ২২ বছৰ কংগ্রেছত আছিলো৷ সদায় দেখিছো সকলো ৰাজ্যতে যেতিয়া নির্বাচন আহে নির্বাচনৰ আগে আগে কংগ্রেছে কিছু সামগ্রী বিতৰণৰ আঁচনি লয়৷ সেই আঁচনিৰ পৰাই কংগ্রেছে নির্বাচনৰ খৰচ উলিয়ায়৷ ৰাজস্থানতো অন্নপূর্ণাৰ পেকেট গৰীৱৰ বাবে অনা নাই, কাৰোবাৰ জেপ গৰম কৰাৰ বাবেহে সেই আঁচনি লৈছে৷ এনে আঁচনি যদি ল’বই লাগে পাঁচ বছৰ আগেয়ে কিয় লোৱা নাছিল বুলি প্রশ্ণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কৰ’নাৰ সময়ত জনসাধাৰণৰ খাদ্যৰ সমস্যা হৈছিল৷ তেতিয়া গেহলট চৰকাৰে অন্নপূর্ণৰ পেকেট ওলোৱা নাছিল৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে সেই সময়তো জনসাধাৰণৰ মাজত বিনামূলীয়াকৈ অন্নপূর্ণাৰ পেকেট দিছিল৷ নির্বাচন থাকক বা নাথাকক, মোদীয়ে অন্নপূর্ণাৰ পেকেট দি আহিছে৷ অকল নির্বাচনৰ সময়ত গৰীৱ কল্যাণ সম্ভৱ নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ বাবে পাঁচ বছৰৰ বাবে আঁচনি ল’ব লাগে৷ চৰকাৰ ক্ষমতালৈ অহাৰ পাছতে আঁচনি লৈ ইমানসংখ্যক গৰীৱক মধ্যবিত্ত শ্রেণীলৈ উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰিব লাগে৷ ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট তেওঁতকৈ বয়স আৰু অভিজ্ঞতাৰ দিশৰ পৰা বহু জ্যেষ্ঠ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ হৈছে আঢ়ৈ বছৰৰ মুখ্যমন্ত্রী আৰু গেহলট হৈছে ১৫ বছৰৰ মুখ্যমন্ত্রী৷ এনে অৱস্থাত গেহলটে ভোটৰ বাবে মানুহৰ মাজত পেকেট দিব লগাটো দুখৰ কথা৷ গেহলটক মানুহে এনেই ভোট দিব লাগিছিল৷ গেহলটৰ নেতৃত্বত ৰাজস্থানৰ অৱস্থা যথেষ্ট বেয়া হোৱা বুলিও তেওঁ মন্তব্য কৰে৷ এই প্রসংগতে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে যোৱাবাৰ ৰাজস্থান বিধানসভা নির্বাচনৰ সময়ত কংগ্রেছ দল ক্ষমতালৈ আহিলেই ১০দিনৰ ভিতৰত কৃষকৰ ঋণ মাফ কৰি দিয়াৰ প্রতিশ্রুতিৰ বিষয়ে উনুকিয়াই কয় যে দেশৰ প্রধানমন্ত্রীৰ সপোন দেখা লোকজনে জনসাধাৰণক এনেদৰে মিছা কথা ক’লে মানুহৰ ৰাজনীতিকৰ ওপৰত কেনেকৈ বিশ্বাস বাঢ়িব? সেইদৰে অশোক গেহলটেও দলীয় বিধায়কক ৩৫দিন ফাইভ ষ্টাৰ হোটেলত ৰাখি চৰকাৰ বচোৱাৰ প্রসংগ উনুকিয়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অশোক গেহলট আৰু শচীন পাইলটৰ মাজত যি সংঘাত হৈছিল সেয়া ৰাহুল গান্ধীৰ ঘৰলৈ গৈ বা দুয়োজনে আলোচনাত মিলিত হৈ মীমাংসা কৰাৰ বিষয়৷ কিন্তু তাকে নকৰি বিধায়কসকলক ৩৫দিন হোটেলত ৰাখি চৰকাৰ বচালে৷ আনহাতে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীৰ ৰে’ল ষ্টেচনত কুলিৰ ভূমিকাত অৱতীর্ণ হোৱা কার্যক হিন্দী চিনেমাৰ শ্বুটিং আখ্যা দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মজদুৰৰ দুখ বুজিলে মজদুৰৰ বাবে কাম কৰিব লাগে৷ ট্রাক ড্রাইভাৰৰ দুখ নিৰাময়ৰ বাবে কাম কৰিব লাগে৷ কিন্তু ইমানদিনে ৰাহুল গান্ধীয়ে কি কৰিলে? বিজেপি দলে প্রথমতে দেশ, তাৰ পাছতহে দলৰ কথা চিন্তা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছ কিন্তু তেনেকুৱা নহয়৷ পুৱা ৰাম, লক্ষ্মণ, শিৱৰ নাম লোৱাৰ পৰিৱর্তে কংগ্রেছীসকলে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, প্রিয়ংকা গান্ধী, ৰবার্ট ভাদ্রা, ৰাহুল গান্ধীৰ নাম লয়৷ এওঁলোককে ভগৱান বুলি ভাবে৷ কিন্তু বিজেপিৰ কার্যকর্তাসকলক যদি সোধা যায় ভাৰতবর্ষ ডাঙৰ নে বিজেপি ডাঙৰ, তেতিয়া মুহূর্তৰ ভিতৰতে সকলোৱে ক’ব– ভাৰতবর্ষ ডাঙৰ, ভাৰত মাতা কী জয়৷ কিন্তু কংগ্রেছে কেতিয়াও দেশৰ কথা নকয়৷

You might also like