কোনো কাৰণতে সম্পূর্ণ হ’বলৈ দিয়া নহয় বৃহৎ নদীবান্ধ
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদর্শন আছুৰ
নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ অসম–ৰুণাচল সীমান্তৰ গেৰুকামুখত এন এইচ পি চিয়ে নির্মাণ কৰি থকা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদর্শন কৰে সদৌ অসম ছাত্র সন্থাৰ এটা সঁজাতী দলে৷ প্রকল্পটো পৰিদর্শন কৰিবলৈ মাত্র আছুৰ ২০জন সদস্যক যাবলৈ দিয়াত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ প্রকল্পৰ স্থলীলৈ সাংবাদিক সোমাবলৈ নিদিয়াত মূল প্রৱেশদ্বাৰৰ সন্মুখতে থাকিব লগাত পৰে সংবাদকর্মীসকল৷
বুধবাৰে গেৰুকামুখৰ নির্মীয়মাণ নামনি–সোৱণশিৰি জলবিদ্যুৎ প্রকল্প পৰিদর্শন কৰি সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– প্রকল্পটোত সংঘটিত হৈ থকা দুর্ঘটনাসমূহ স্বচক্ষে প্রত্যক্ষ কৰিছোঁ৷ বিশেষজ্ঞ সমিতিৰ পৰামর্শক অৱজ্ঞা কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পলৈ অশনি সংকেত নামি আহিছে৷ ছাত্র সন্থাই সকীয়াই থকা প্রতিটো কথাই সত্য প্রমাণিত হৈছে৷ প্রকৃতিও ৰুষ্ট হৈছে৷ উৎপাদন আৰম্ভ হোৱাৰ আগতেই প্রতিবছৰে বাৰিষাত বান্ধটোত দুর্ঘটনা সংঘটিত হৈ আহিছে৷ যোৱা কেইবাদিনো ধৰি অৰুণাচল প্রদেশত হৈ থকা প্রবল বৃষ্টিপাতৰ ফলত ইতিমধ্যে নামনি অঞ্চলৰ ৰাইজ জলমগ্ণ হোৱাৰ লগতে প্রকল্পটোৰ ৫নং টানেল পানীয়ে উটুৱাই লৈ যায়৷
ইয়াৰ পাছতো প্রকল্প নির্মাণকাৰী সংস্থা এন এইচ পি চি আৰু চৰকাৰে নামনিবাসী ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্রত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ সদৌ অসম ছাত্র সন্থাই পূর্বৰে পৰা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আন্দোলন কৰি আহিছেছা আৰু ভৱিষ্যতৰ দিনতো পৰিকল্পিত ৰূপত এই আন্দোলন ৰাইজৰ সহযোগত আগবঢ়াই নিবলৈ ৰাইজৰ দিহা–পৰামর্শ আৰু সহযোগিতা কামনা কৰিছোঁ৷
ছাত্র সন্থাৰ স্পষ্ট মত, অসমৰ বিশেষজ্ঞ সমিতিয়ে আগবঢ়োৱা পৰামর্শ অনুযায়ী বৃহৎ নদীবান্ধ নির্মাণ বন্ধ হ’বই লাগিব৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাতা সংস্থা এন এইচ পি চিয়ে চৰম স্বেচ্ছাচাৰিতাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য চলাই নিছে৷ কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বান্ধবিৰোধী দল–সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত ভৰিৰে মোহাৰি এন এইচ পি চিয়ে বান্ধৰ নির্মাণ দ্রুতগতিত আগুৱাই নিছে৷ বৈঠকৰ সিদ্ধান্তমর্মে গঠন কৰা বিশেষজ্ঞ কমিটীৰ অসমৰ সদস্যসকলে ইতিমধ্যে স্পষ্ট কৰিছে যে গেৰুকামুখৰ দৰে ঠুনুকা তথা বালিয়া পাহাৰত বৃহৎ নদীবান্ধ নির্মাণ কোনোপধ্যেই উচিত নহয়৷ তদুপৰি এন এইচ পি চিৰ বান্ধ নির্মাণ ত্রুটিযুক্ত আৰু বান্ধটোৰ নামনি অংশৰ ৰাইজৰ নিৰাপত্তাৰ বিষয়টোত কোনোধৰণৰ গুৰুত্ব নিদি কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণ কৰা বুলি গুৰুতৰ অভিযোগ আনিছে বিশেষজ্ঞ সমিতিয়ে৷
বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ৰাইজক সম্পূর্ণৰূপে প্রতাৰণা কৰিছে৷ বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী, হঠকাৰী নীতিক সদৌ অসম ছাত্র সন্থাই ধিক্কাৰ দিয়ে৷ এন এইচ পি চিয়ে দেশত ক’ভিড–১৯ৰ বাবে চলি থকা লকডাউনৰ সময়ত লুকাই লুকাই নদীবান্ধৰ কাম বহুদূৰ আগুৱাই নিলে৷ নদীবান্ধৰ সকলো নির্মাণ সামগ্রী বিনাদ্বিধাই সৰবৰাহ কৰিলে৷ ই আমাৰ বাবে অতি পৰিতাপৰ বিষয়৷ তথাপি আমি এন এইচ পি চিক কোনোপধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ সম্পূর্ণ কৰিবলৈ নিদিওঁ৷ এন এইচ পি চি, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে অসমৰ দল–সংগঠন আৰু অসমবাসীক কৰা চূডান্ত প্রতাৰণাৰ উচিত প্রত্যুত্তৰ দিব বুলি ছাত্র নেতাগৰাকীয়ে প্রকাশ কৰে৷ উল্লেখনীয় যে আজি সদৌ অসম ছাত্র সন্থাৰ দহখন জিলাৰ প্রায় ২০০জনীয়া সঁজাতী দলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ শেহতীয়া নির্মাণ প্রত্যক্ষ কৰিবলৈ গেৰুকামুখত উপস্থিত হৈছিল৷
৩ ছেপ্টেম্বৰৰ পৰা পাঁচ দফীয়া নদীবান্ধবিৰোধী আন্দোলন ঘোষণা যুৱ–ছাত্রৰ
গেৰুকামুখত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ পূর্বৰে পৰাই বৃহৎ নদীবান্ধৰ তীব্র বিৰোধিতা কৰি অহা সংগঠনটোৱে অহা ৩ ছেপ্ঢেম্বৰৰ পৰা ৫ দফীয়া আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে৷ ঘোষিত আন্দোলনৰ কার্যসূচী অনুসৰি অহা ৩ ছেপ্ঢেম্বৰত ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, মাজুলী জিলাত গণ অৱস্থানত বহিব যুৱ–ছাত্র পৰিষদ৷ সেইদৰে অহা ৬ ছেপ্টেম্বৰত বৃহৎ নদীবান্ধ বন্ধৰ দাবীত ৰাজ্যজুৰি প্রতিটো জিলা উপায়ুক্তৰ কার্যালয়ৰ সন্মুখত ধর্ণা, ৭ ছেপ্টেম্বৰত ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি আৰু মাজুলী জিলাৰ ৰাইজৰ মতমত–গণস্বাক্ষৰ্, ১১ ছেপ্টেম্বৰত ৰাইজ মেল আৰু ১৬ ছেপ্ঢেম্বৰৰ পৰা এন এইচ পি চিৰ বিৰুদ্ধে সর্বাত্মক বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিব৷ এন এইচ পি চিৰ কার্যক ক্ষুৰধাৰ সমালোচনা কৰি যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে সকলো ধৰণৰ বৃহৎ নদীবান্ধ মানুহৰ জীৱন, সম্পত্তি, সভ্যতা, জৈৱ–বৈচিত্র্য আৰু প্রাকৃতিক ভাৰসাম্যতাৰ বাবে ভয়ংকৰ৷ বিশ্বৰ অন্যান্য দেশত বৃহৎ নদীবান্ধৰ সলনি ইতিমধ্যে শক্তি আহৰণৰ বিকল্প ব্যৱস্থা গ্রহণ কৰা হৈছে৷ সেয়েহে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে সকলো প্রকাৰৰ বৃহৎ নদীবান্ধ নির্মাণৰ বিৰোধিতা কৰে৷ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ এই ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি যুৱ–ছাত্র পৰিষদে পুনৰ বৃহৎ নদীবান্ধবিৰোধী আন্দোলন আৰম্ভ কৰি এলানি কার্যসূচী ঘোষণা কৰিছে৷ যুৱ–ছাত্র পৰিষদে এন এইচ পি চিৰ প্রকল্পৰ নামনিত থকা অসমৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চয়তা প্রদান নকৰা পর্যন্ত বৃহৎ নদীবান্ধবিৰোধী আন্দোলন অব্যাহত ৰাখিব বুলি তেওঁ হুংকাৰ দিয়ে৷