নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত বিহাৰৰ চুপাৰি কিলাৰ শশীৰঞ্জন ৰাম

🔹 বজালীৰ ইব্ৰাহিম আলীৰ হত্যাকাণ্ডৰে জড়িত বিহাৰৰ ৰাম

নিয়মীয়া বাৰ্তা,  ২৪ জুলাই : বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰৰ যুৱ ব্যৱসায়ী ইব্ৰাহিম আলীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰে আৰক্ষীয়ে বিচাৰি পাইছে বিহাৰৰ যোগসূত্ৰ৷ বিগত ২৩ দিন ধৰি বজালী আৰক্ষীয়ে এই হত্যাকাণ্ড সন্দৰ্ভত জোৰদাৰ তদন্ত চলাই এই হত্যাকাণ্ডৰে জড়িত ইজনৰ পিছত সিজনকৈ দুৰ্বৃত্তক আটক কৰাৰ পিছতে কালি আন এজন অভিযুক্তক বিহাৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে বজালী আৰক্ষী। বজালী জিলাৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীৰ নিৰ্দেশত উক্ত ঘটনাৰ তদন্তকাৰী বিষয়া ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত আৰু পাঠশালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিৰীৰ সহযোগত বিহাৰৰ পৰা কালি শশীৰঞ্জন ৰাম নামৰ এজন কুখ্যাত অপৰাধীক বজালী আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সহযোগত আটক কৰে। জানিব পৰা অনুসৰি, যুৱ ব্যৱসায়ী ইব্ৰাহিম আলীক হত্যা কৰাৰ বাবে ঘাতকে চুপাৰি দি বিহাৰৰ পৰা আনিছিল শশীৰঞ্জন ৰামক। কালি বিহাৰৰ পৰা অভিযুক্ত শশীৰঞ্জনক পাঠশালালৈ লৈ অহাৰ পিছতে ঘটনা সন্দৰ্ভত অভিযুক্ত ব্যক্তিগৰাকীয়ে বহু কথাই সদৰী কৰিছে যদিও অধিক তদন্তৰ খাতিৰত সংবাদ মাধ্যমক বিশেষ কথা সদৰী কৰিব বিচৰা নাই আৰক্ষীয়ে৷ কাৰণ এই ঘটনাৰে জড়িত আন কেইবাজনো এতিয়াও গ্ৰেপ্তাৰ হ’বলৈ বাকী আছে।উল্লেখ্য যে বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তর্গত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ধুমাৰকুৰত পহিলা জুলাইৰ নিশা প্ৰায় আঠ বজাত সংঘটিত হয় এক শিহৰণকাৰী হত্যাকাণ্ড। ৬-৭জনীয়া দুর্বৃত্তৰ এটি দলে ইব্রাহিম আলী নামৰ ধুমাৰকুৰৰ ৩২ বছৰীয়া যুৱ ব্যৱসায়ীগৰাকীক নিজ বাসগৃহত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে দেহৰ একাধিক স্থানত প্রচণ্ড ঘাপ মৰাৰ লগতে ইব্রাহিমলৈ লক্ষ্য কৰি পিষ্টলেৰে গুলীচালনা কৰে। যুৱকজনক দুর্বৃত্তই আক্ৰমণ কৰাৰ পিছতে ইব্রাহিমৰ মাতৃ চেহেৰা খাতুনে ঘৰৰ দৰ্জা খুলি বাহিৰলৈ ওলাই অহাত দুর্বৃত্তৰ দলটোৱে তেওঁৰো দেহৰ তিনি ঠাইত ঘপিয়ায়। যাৰ ফলত ইব্ৰাহিম থিতাতে নিহত হোৱাৰ লগতে তেওঁৰ মাতৃ চেহেৰা খাতুন গুৰুতৰভাৱে আহত হয়৷ এই হত্যাকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে বজালী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু ঘটনাৰ ৪৮ ঘণ্টাৰ ভিতৰত হত্যাকাণ্ডত জড়িত থকা ছয়গৰাকীকৈ দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হয়৷ ইয়াৰে চাৰিগৰাকীক গুৱাহাটীৰ পাণবজাৰৰ আছিয়ানা হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দুগৰাকীক ক্ৰমে বৰপেটা আৰু বজালীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷  ইয়াৰে অন্যতম অভিযুক্ত মনোহৰ আলীয়ে জেৰাৰ সময়ত এই হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটোৰ স্থান প্ৰকাশ কৰাৰ পিছতে যোৱা ৯ জুলাইৰ নিশা প্ৰায় দহ বজাত অভিযুক্ত মনোহৰ আলীক লগত লৈ আৰক্ষীৰ এটি দলে পাঠশালাৰ সমীপৱৰ্তী ডুমুৰিয়া অঞ্চলৰ ডেনাট্টাৰীস্থিত ৰে’লৱে অভাৰব্ৰীজৰ তলৰ নিৰ্দিষ্ট স্থানত তালাচী চলাই এটা কাৰখানাত নিৰ্মিত ৭.৬৫ পিষ্টলৰ লগতে দুই জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মূলত: ভূমি বিবাদৰ ফলতেই এই দুষ্কাৰ্য সংঘটিত হোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিছে৷ পূৰ্বে আটক কৰা ছয় অভিযুক্তৰ তথ্যৰ ভিত্তিতে বজালী আৰক্ষীয়ে যোৱা কেইবাদিন ধৰি বিহাৰ আৰক্ষীৰ সহযোগত মাৰাথন অভিযান চলাই শশীৰঞ্জন ৰামক আটক কৰিবলৈ সক্ষম হয়।

প্ৰেৰক কল্যাণ কলিতা৷

You might also like