নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাপতিসাহোন বহাগ বিহু সমাগতঃ দিনে-নিশাই ঢোল নিৰ্মাণত ব্যস্ত ঢকুৱাখনাৰ শিল্পী

ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা, ২৬ মাৰ্চঃ প্ৰকৃতিৰ বুকুত এতিয়া বসন্ত ঋতুৰ আগমন৷ সেউজ প্ৰকৃতিৰ মাজত এতিয়া চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি৷ নাচনিও ঢোলৰ চেৱত নাচিবলৈ সাজু৷ বিহুলৈ মাজত মাথো কেইটামান দিন, ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। বিহুগীতৰ সমানেই গুৰুত্বপূর্ণ হৈছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ৷ সেয়েহে এতিয়া ব্যস্ততা বাঢ়িছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ নিৰ্মাণ কৰা শিল্পীৰ৷ নিঃসন্দেহে ঢোল হৈছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহৰ ভিতৰত অন্যতম। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ঢকুৱাখনাত ঢোল নিৰ্মাতা সকলো দিনে-নিশাই ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণত।কোনোৱে যদি ঢোলৰ খোলাত তালি লগোৱাত ব্যস্ত, কোনোজনে আকৌ অন্তিম পৰশ দি সাজু কৰি তুলিছে ঢোল৷ ক’ৰণাসৃষ্ট পৰিবেশৰ বাবে বিগত দুটা বছৰে ঢোল বিক্ৰী কৰিব নোৱাৰি আৰ্থিক অনাটনৰ সন্মুখীন হোৱাৰ কথা অৱগত কৰিছে তেওঁলোকে৷

অৱশ্যে এইবাৰ এই সকল শিল্পী যঠেষ্ট আশাবাদী ৷ ক’ভিড সৃষ্ট পৰিৱেশে ব্যৱসায়ত বিৰূপ প্ৰভাৱ পেলাইছিল যদিও এইবেলি এইসকল শিল্পীৰ ঢোলৰ ব্যৱসায় কিছু পৰিমাণে উন্নত হোৱাৰ আশা কৰা হৈছে। সেয়েহে দিন-ৰাতি একাকাৰ কৰি বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ নিৰ্মাণৰ লগত জড়িত প্ৰতিগৰাকী শিল্পী ব্যস্ত হৈ পৰিছে তেওঁলোকৰ অনবদ্য সৃষ্টি কৰ্মত। ইফালে, অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যৰ সমান্তৰালভাৱে নতুন ঢোলৰ মূল্য আৰু মেৰামতিৰো মূল্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, একোটা নতুন ঢোলৰ বিক্ৰী মূল্য চাৰি হাজাৰৰ পৰা ছয় হাজাৰ টকাৰ বিপৰীতে মেৰামতিৰ মূল্য দুই হাজাৰ টকা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঢোলৰ বিপনী সমূহত ৫০ টাকৈ ঢোল বিক্ৰী হ’লে এক সন্তোষজনক আয় কৰিবলৈ সক্ষম হয় ঢোল শিল্পীৰ লগত জড়িত ব্যৱসায়ীসকল। স্বভাৱিকতে বিহুৰ সমান্তৰালভাৱে ঢোল শিল্পীৰ লগত জড়িত ব্যৱসায়ীসকল আয় বৃদ্ধি পোৱা এক ধনাত্মক দিশ হিচাপে বিবেচিত হৈছে।

You might also like